ETV Bharat / state

প্ৰেমিকাৰ ঘৰলৈ আহি সন্ধানহীন যুৱক - লেজাই

লেজাইৰ দেৱান বাৰীৰ দিলিপ দাসৰ পুত্ৰ সৌৰভ দাস (২০) নামৰ যুৱকজনে শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত লেজাই দলংঘাটৰ প্ৰেমিকাৰ ঘৰলৈ এখন স্কুটি লৈ ওলাই আহিছিল । পৰৱৰ্তী সময়ত প্ৰেমিকাৰ পিতৃ ৰহিমুদ্দিন আলীয়ে প্ৰায় ১১ বজাত সৌৰভ দাসৰ ঘৰলৈ গৈ যুৱকজনে চেঁ‌চা নৈত জাপ দিয়া বুলি খবৰ দিয়ে ।

Dibrugarh
মৰাণ
author img

By

Published : Jun 20, 2020, 7:19 PM IST

মৰাণ, 20 জুন : ডিব্ৰুগড় জিলাৰ লেজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । প্ৰেমিকাৰ ঘৰলৈ আহি শুকুৰবাৰে নিশাৰে পৰা সন্ধনহীন হৈ আছে এজন যুৱক । স্থানীয় লোকে জানিবলৈ দিয়া মতে লেজাইৰ দেৱান বাৰীৰ দিলিপ দাসৰ পুত্ৰ সৌৰভ দাস (২০) নামৰ যুৱকজনে শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত লেজাই দলংঘাটৰ প্ৰেমিকাৰ ঘৰলৈ এখন স্কুটি লৈ ওলাই আহিছিল ।

ডিব্ৰুগড়

পৰৱৰ্তী সময়ত প্ৰেমিকাৰ পিতৃ ৰহিমুদ্দিন আলীয়ে প্ৰায় ১১ বজাত সৌৰভ দাসৰ ঘৰলৈ গৈ যুৱকজনে চেঁ‌চা নৈত জাপ দিয়া বুলি খবৰ দিয়ে । ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতি হয় ৷ নিশাই উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে। ইফালে শনিবাৰে পুৱাই লেজাইৰ অঞ্চলৰ প্ৰায় ডেৰ সহস্ৰাধিক লোক প্ৰেমিকাৰ পদূলিৰ সন্মুখত উপস্থিত হৈ যুৱকজনক হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ তুলি পৰিৱেশ উত্তাল কৰি তোলে ।

ডিব্ৰুগড়

লগতে পঢ়কঃ ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া হয় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষককে ধৰি লেপেটকতা,বৰবৰুৱা আৰু ডিব্ৰুগড় আৰক্ষী । আনহাতে,ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে প্ৰেমিকাৰ পিতৃ ৰহিমুদ্দিন আলি আৰু প্ৰেমিকাৰ বৰদেউতাক বাহাদুৰ চাহ আলীক ।

উল্লেখ্য যে,শনিবাৰে SDRF বাহিনীৰ লোক উপস্থিত হৈ চেঁ‌চা নদীত যুৱকজনৰ সন্ধানত নামি পৰিছে যদিও বাতৰি যুগুত কৰা সময়ৰ লৈকে যুৱকজনৰ কোনো শুংসূত্ৰ পোৱা নাই বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.