ETV Bharat / state

ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন কাণ্ড: অভিযোগক নৎসাত স্বামী পৰিয়ালৰ

ডিব্ৰুগড় চহৰৰ নালিয়াপুলৰ এগৰাকী বোৱাৰীয়ে কিছু দিন পূৰ্বে যৌতুকৰ দাবীৰে স্বামী গৃহৰ বিৰুদ্ধে অকথ্য নিৰ্যাতনৰ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ পাছতে এতিয়া বোৱাৰীগৰাকীৰ উক্ত অভিযোগক মিছা আখ্যা দিছে স্বামী তথা স্বামীৰ পৰিয়ালে ৷

dibrugarh-dowry-case-update
ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন কাণ্ড: অভিযোগক নৎসাত স্বামী পৰিয়ালৰ
author img

By

Published : Apr 12, 2021, 7:39 PM IST

ডিব্ৰুগড়, 12 এপ্ৰিল : কিছু দিন পূৰ্বে ডিব্ৰুগড় চহৰৰ নালিয়াপুলৰ এগৰাকী বোৱাৰীয়ে যৌতুকৰ দাবীৰে স্বামী গৃহৰ বিৰুদ্ধে অকথ্য নিৰ্যাতনৰ চলোৱা বুলি উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ ৷ এতিয়া বোৱাৰীগৰাকীৰ উক্ত অভিযোগক মিছা আখ্যা দিছে স্বামী তথা স্বামীৰ পৰিয়ালে ৷

অভিযোগকাৰী মহিলাগৰাকীৰ স্বামী মুছাদ্দিকৰ পৰিয়ালৰ ভাৱ-মূৰ্তি সমাজত বিনষ্ট কৰাৰ উদ্দেশ্যৰে মহিলা আৰু মহিলাগৰাকীৰ পৰিয়ালে মুছাদ্দিকৰ পৰিয়ালৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ডিব্ৰুগড়ত বোৱাৰী নিৰ্যাতন কাণ্ড: অভিযোগক নৎসাত স্বামী পৰিয়ালৰ

সোমবাৰে ডিব্ৰগড়ত সংবাদমেল পাতি মহিলাগৰাকীৰ সকলো অভিযোগক নৎসাত কৰে মুছাদ্দিক তথা মুছাদ্দিকৰ পিতৃ-মাতৃয়ে ৷ অভিযোগ অনুসৰি মহিলাগৰাকীৰ পিতৃৰ অবৈধ ব্যৱসায়ৰ বাঘজৰী স্বামী মুছাদ্দিকক চম্ভালিবলৈ কিছু মাহৰ পৰা হেঁচা প্ৰয়োগ কৰি আহিছিল মহিলাগৰাকীয়ে ৷ কিন্তু উক্ত প্ৰস্তাৱত মান্তি হোৱা নাছিল মুছাদ্দিক ৷ যাৰ পাছতে অসন্তুষ্ট হৈ মহিলাগৰাকীয়ে স্বামী তথা স্বামী পৰিয়ালৰ বিৰুদ্ধে যৌতুক দাবীৰে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক: ডেনমাৰ্কলৈ যাব ত্ৰিপুৰাৰ চাহপাত ‘নীৰমহল’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.