ডিব্ৰুগড়,২৪ এপ্ৰিল: ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ড০ আনোৱাৰ হুচেইনে শনিবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে । অৱসৰপ্ৰাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ হুছেইনে উচ্চ ৰক্তচাপ জনিত ৰোগৰ ফলত মৃত্যুক আঁকোৱালি লয় ।
দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ সেৱা আগবঢ়াই যোৱা আনোৱাৰ হুছেইনে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল । তেওঁৰ মৃত্যুত জেষ্ঠ বহু কংগ্ৰেছীৰ লগতে আন সামাজিক, জাতীয় সংগঠনেও গভীৰ শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক:ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি