ETV Bharat / state

বানপানীৰ বাবে ল'বলগীয়া সাৱধনতা সন্দৰ্ভত ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক - FLOOD ISSUE, DIBRUGARH, DISTRICT COMMISSIONER

বাৰিষা বানপানীৰ সময়ত ল'বলগীয়া সাৱধনতা সন্দৰ্ভত শুক্ৰবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হয় । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰে ডিব্ৰুগড় জিলা উপায়ুক্তই ।

দুৰ্যোগ প্ৰশমন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্তৰ বৈঠক

author img

By

Published : Apr 23, 2021, 3:14 PM IST

মৰাণ, ২৩ এপ্ৰিল: ক'ভিডৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ সময়তে বানপানীৰ বাবেও আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বাৰিষা হ'লেই গ্ৰামাঞ্চলৰ লগতে ডিব্ৰুগড় চহৰো বানে প্লাৱিত কৰে । সেয়েহে, তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । শুক্ৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।

এই সভাত জলসম্পদ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলো উপস্থিত থাকে । বানপানীৰ ভয়াৱহতাৰ পৰা ৰাইজক যাতে ৰক্ষা কৰিব পাৰি, তাৰ বাবে আগতীয়াকৈ বিভাগসমূহে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় । উক্ত সভাত উপায়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ পৰা জিলাখনত বানপানী প্ৰতিৰোধ সৰ্ম্পকে চলি থকা আঁচনিসমূহৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সৰ্ম্পকে বুজ লয় ।

দুৰ্যোগ প্ৰশমন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্তৰ বৈঠক
দুৰ্যোগ প্ৰশমন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্তৰ বৈঠক

বাকী থকা কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে । তেওঁ ডিব্ৰুগড় চহৰৰ এলেকাত পানী নিষ্কাষণৰ বাবে ব্যৱহৃত পাম্পসমূহ কাৰ্যক্ষম কৰাৰ লগতে পানী ওলাই যোৱা নলাসমূহৰ আৱৰ্জনাসমূহ আঁতৰাবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে ।

উপায়ুক্তগৰাকীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ পৰা জিলাখনত মজুত থকা বিভিন্ন খাদ্য সামগ্ৰী সৰ্ম্পকে বুজ লোৱাৰ উপৰিও খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধিৰ ক্ষেত্ৰত বিষয়াসকলক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে । উক্ত বৈঠকত অতিৰিক্ত উপায়ুক্ত ক্ৰমে তপন কুমাৰ গোহাঁই, ৰঞ্জিত কোঁৱৰ উপস্থিত থকাৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকেে ।

লগতে পঢ়ক:মহানগৰীত গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.