মৰাণ, 2 অক্টোবৰ: পুনৰ বিদ্য়ালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাচতে 30 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ ঘটনাক লৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলো শংকিত হৈ পৰিছে ৷
বৃহস্পতিবাৰে মৰাণৰ এক অনুষ্ঠানত ভাগ ল’বলৈ গৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকৰ আগত কয় যে,‘‘ক'ভিড সম্পৰ্কীয় সকলো বিষয়ত প্ৰশাসনে চকু দি আছে । শেহতীয়াকৈ তিনিদিনত ডিব্ৰুগড়ত 13 হাজাৰ টেষ্ট সম্পন্ন কৰা হৈছে । স্কুল খোলাক লৈ কোনেও ভয় কৰিব নালাগে । যদিহে স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয়,তেতিয়া এই বিষয়ত চৰকাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব’’।
সম্প্ৰতি ছাত্ৰী গৰাকীক জিলাখনৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য বিভাগৰ উদ্যোগত হোম কোৱাৰেণ্টাইনত ৰখা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ