ETV Bharat / state

ডিব্ৰুগড়ত উন্নয়নকামী আঁচনিৰ পৰ্যালোচনা জিলা প্ৰশাসনৰ - সাতটা

ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিত চলি থকা কামৰ পৰ্যালোচনা কৰে জিলা প্ৰশাসনে । বিধায়ক আৰু সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজি, অসম দৰ্শন আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত জিলাখনৰ সাতটা বিধানসভা সমষ্টিত চলি থকা কামৰ পৰ্যালোচনা কৰা হয় সভাত ।

ডিব্ৰুগড়ত উন্নয়নকামী আঁচনিৰ পৰ্যালোচনা জিলা প্ৰশাসনৰ

author img

By

Published : Dec 29, 2020, 8:03 PM IST

ডিব্ৰুগড় , ২৯ ডিচেম্বৰ : সমাগত অসমৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত এতিয়া সমষ্টিয়ে সমষ্টিয়ে চলিছে বিশেষ অভিযান । সমষ্টিসমূহত চৰকাৰৰ উন্নয়নকামী আঁচনি সমূহ সঠিক ৰূপায়ন হৈছে নে নাই তাৰ পৰ্যবেক্ষণো কৰা হৈছে । মঙলবাৰে ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিত চলি থকা কামৰ পৰ্যালোচনা কৰে জিলা প্ৰশাসনে । ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ত উন্নয়নকামী আঁচনিৰ পৰ্যালোচনা জিলা প্ৰশাসনৰ
ডিব্ৰুগড়ত উন্নয়নকামী আঁচনিৰ পৰ্যালোচনা জিলা প্ৰশাসনৰ

য'ত বিধায়ক আৰু সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজি, অসম দৰ্শন আৰু অসম আদৰ্শ গাঁও যোজনাৰ অধীনত জিলাখনৰ সাতটা বিধানসভা সমষ্টিত চলি থকা কামৰ পৰ্যালোচনা কৰা হয় ৷ ভাৰপ্ৰাপ্ত উপায়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰে হাতত লোৱা আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়নৰ বাবে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক স্থানীয় বিধায়কৰ সৈতে সু-সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায় । তেওঁ আঁচনিসমূহৰ কামৰ অগ্ৰগতি আৰু মানদণ্ড নিৰীক্ষণৰ বাবে খণ্ড উন্নয়ন বিষয়াক সময়ে সময়ে আঁচনিসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে খণ্ড উন্নয়ন বিষয়াসকলক বহুদিন ধৰি সম্পূৰ্ণ নোহোৱাকৈ থকা আঁচনিসমূহ সম্পূৰ্ণ কৰি অতি সোনকালে পুঁজি ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে ।

একেদৰে সভাত অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহলৈ আবণ্টিত পুঁজিৰ বিপৰীতে পৰিকল্পনা আৰু প্ৰাককলন দাখিলৰ সময়ত মাটিৰ স্থিতি সন্দৰ্ভত ল’বলগীয়া নথি সন্দৰ্ভতো সভাত আলোচনা কৰা হয় ৷ এই সভাত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, ডিপু কুমাৰ ডেকাৰ লগতে সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু সাতটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল ,পৰিকল্পনা শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :বিশ্বনাথৰ ঐতিহাসিক বুঢ়া মাধৱ থান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.