ETV Bharat / state

কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ? - Dibrugarh suicide

কয়লা ভৰ্তি চলন্ত ট্ৰাকৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে এজন লোকে ৷ চি চি টিভি কেমেৰাত বন্দী হৈ ৰ'ল এই চাঞ্চল্যকৰ ঘটনাৰ সকলো দৃশ্য ৷ ঘটনাৰ বিৱৰণ অনুসৰি আজি ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টী অঞ্চলৰ গুৰুদ্বাৰৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে তিনিচুকীয়া অভিমুখে গৈ থকা PB 29 X 9433 নম্বৰৰ চলন্ত ট্ৰাকখনৰ সমুখলৈ আহে আত্মহত্যা কৰে ডিব্ৰুগড়ৰ মৰাণহাটৰ হালধীবাৰি গাঁৱৰ অৰুণ ভূমিজ নামৰ এজন লোকে ৷

Dibrugarh Boy suicide
কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ?
author img

By

Published : May 23, 2020, 9:20 PM IST

ডিব্ৰুগড়,23মে':ডিব্ৰুগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কয়লা ভৰ্তি চলন্ত ট্ৰাকৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে এজন লোকে ৷ চি চি টিভি কেমেৰাত বন্দী হৈ ৰ'ল এই চাঞ্চল্যকৰ ঘটনাৰ সকলো দৃশ্য ৷ ঘটনাৰ বিৱৰণ অনুসৰি আজি ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টী অঞ্চলৰ গুৰুদ্বাৰৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে তিনিচুকীয়া অভিমুখে গৈ থকা PB 29 X 9433 নম্বৰৰ চলন্ত ট্ৰাকখনৰ সমুখলৈ আহে আত্মহত্যা কৰে ডিব্ৰুগড়ৰ মৰাণহাটৰ হালধীবাৰি গাঁৱৰ অৰুণ ভূমিজ নামৰ এজন লোকে ৷ প্ৰথমে এই ঘটনা এক দুৰ্ঘটনা বুলি ভাৱি কয়লা ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে গাড়ী চালককো আটক কৰিছিল ৷ ইয়াৰ উপৰিও প্ৰথমে অচেতন হৈ পৰি থকা অৰুণ ভূমিজক

অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰাত দুৰ্ঘটনা সংঘটিত হোৱা পথৰ কাষতে থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চি চি টিভি কেমেৰাত বন্দী হৈ পৰা সমগ্ৰ দৃশ্যই পোহৰলৈ লৈ আহে ঘটনাৰ সত্যসত্যতা ৷

কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ?

ইপিনে এই ঘটনাই বৰ্তমানেও সৃষ্টি কৰিছে ৰহস্যৰ ৷ কি কাৰণত এখন চলন্ত ট্ৰাকৰ সমুখত অৰুণ ভূমিজ নামৰ ব্যক্তি গৰাকীয়ে আত্মহত্যা কৰিলে সেইয়া এতিয়াও ৰহস্যজনক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.