ডিব্ৰুগড়, 9 মাৰ্চ : ঐতিহাসিক চেঁচা নৈত আজি দেখা গৈছে অনন্য পৰিবেশ। সোমবাৰে শ্ৰদ্ধা ভক্তিৰে মুগ্ধ নদীখনৰ বুকু । মায়ামৰা বৈষ্ণৱ সমাজৰ অন্যতম অপৰিহাৰ্য্য ধৰ্মীয় পৰ্ব 'শৰণ' লোৱা কাৰ্যৰ পাৰম্পৰিক বিধানেৰে উজ্বলিল লাহোৱালৰ চেঁচা নৈৰ পাৰ। আজি মায়ামৰা বৈষ্ণৱ সমাজৰ পৰম্পৰা অক্ষুন্ন ৰাখি বকুল মাজ গাঁৱৰ কাঠগাঁও নামঘৰত অঞ্চলটোৰ পাঁচখন গাঁৱৰ পুৰুষ - মহিলাই গুৰু দীক্ষা লয়। পুৱাভাগত নামঘৰ প্ৰাঙ্গণৰ পৰা ধৰ্মীয় শুভাযাত্ৰা উলিয়াই ঐতিহাসিক চেঁচা নৈত শৰণ পৰ্ব কৰা হয় সম্পন্ন।মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ দিব্যজ্যোতি গোস্বামী, আৰু ডেকা গোঁসাই পাৰ্থপ্ৰতিম গোস্বামীৰ উপস্থিতিত এই পৱিত্ৰ অনুষ্ঠানভাগ সম্পন্ন হয়।
উল্লেখ্য যে , সমাজৰ নিয়মানুসৰি শৰনৰ আগ ৰাতি শৰণ লব লগাজনে উপবাসে থাকি পিছদিনা পুৱাই মুন্দন কৰি শুভ্ৰ নতুন বস্ত্ৰ পিন্ধি সত্ৰ অথবা গাঁৱৰ নামঘৰত শাৰী পাতিব লাগে।শাৰীটোৰ মুখ্যজনক 'বৰকাই' আৰু অন্তিমত থকাজনক, 'নুমলীয়া' বুলি কোৱা হয়। শৰণাৰ্থীসকলে ৮০খন পাণ এখনি আগলি কলপাতেৰে টানকৈ মেৰিয়াই সেই বস্তুপদ নিজৰ দুয়োহাতেৰে ধৰি কপালৰ ওচৰত সেৱা কৰা ভংগীমাৰে লৈ নদী অথবা পুখুৰীত পুণ্য জলত একেলগে তিনিবাৰ বুৰ মাৰিব লাগে। পৰৱৰ্তি শাৰী নভঙাকৈ গুৰুৰ ওচৰলৈ আহি পাণৰ বস্তুপদ তেওঁৰ চৰণত সোধাব লাগে। তেতিয়াই গুৰুজনাই প্ৰয়োজনীয় দীক্ষা দি প্ৰতিজনকে ভগৱন্ত সহস্ৰ নামৰ এটি নাম প্ৰদান কৰে। তিৰোতাসকলক পুৰুষৰ দৰে মুণ্ডন আদি কৰাই শৰণ দিয়া নহয় যদিও পুৰুষৰ পৰাই শৰণৰ ভাগ পায় বুলি বিশ্বাস কৰে।