ডিব্ৰুগড়,19 ফেব্ৰুৱাৰী: নিৰ্বাচনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন। ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপালা ঝাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে, আগন্তুক বিধানসভা নিৰ্বাচনক লৈ জিলাখনৰ প্ৰশাসন সাজু হৈ পৰিছে।
উল্লেখযোগ্য যে, জিলাখনৰ অন্তৰ্গত মুঠ 7 টা সমষ্টিৰ ভোটাৰৰ বাবে চলাই নিব লগা ভোটদান প্ৰক্ৰিয়া আৰু আনুসংগিক কেতবোৰ দিশ উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, নিৰ্বাচনৰ বাবে আমি ইতিমধ্যে প্ৰায় সাঁজু হৈ পৰিছো, নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুযায়ী আগবাঢ়িছো ।
ইফালে নতুন সংযোজন বিশেষকৈ ৮০ উৰ্ধৰ ভোটাৰ, গড়কাপ্তানি ভোটৰৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাক গুৰুত্ব দি ভোটদান প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ বাবেও সাঁজু প্ৰশাসন ব্যৱস্থা । লগতে নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ, নিৰ্বাচন পৰিচালনাৰ কোষ গঠনৰ ব্যৱস্থাও অব্যাহত ৰাখিছে । সফল আৰু নিকা পদ্ধতিৰে নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিয়াত জিলা প্ৰশাসন সক্ষম হ'ব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি আশা প্ৰকাশ কৰে।
লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত