ETV Bharat / state

ডিব্ৰুগড়ৰত নিচা মুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু

"প্ৰত্যাবৰ্তন" নামৰ নিচামুক্তি কেন্দ্ৰত জ্যোতিষ্মান বৰুৱা নামৰ এজন যুবকৰ মৃতদেহ উদ্ধাৰ। যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

author img

By

Published : Jun 24, 2020, 4:56 PM IST

Updated : Jul 21, 2022, 3:54 PM IST

dibrugarah  rehabilitaion center praytabortan ngo death body rescue
ডিব্ৰুগড়ৰত নিচা মুক্তি কেন্দ্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ,24জুনঃ ডিব্ৰুগড়ৰ মিলন নগৰস্থিত প্ৰত্যাবৰ্তন নামৰ নিচা মুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে চিকিৎসাধীন যুৱকৰ মৃত্যুৰ ঘটনা। কেন্দ্ৰটোৰ বাথৰোমত সন্দেহজনক ভাৱে এখন গামোচাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ। লক্ষীমপুৰ জিলাৰ ঘিলামৰা গোবিন্দপুৰ তনুৰাম বৰুৱাৰ পুত্ৰ জ্যোতিস্মানক নিচা মুক্তি কেন্দ্ৰটোৰ পৰা 30 জুনত সুস্থ হৈ নিজ গৃহলৈ উভতি যাবলৈ দিয়াৰ কথা আছিল ৷ প্ৰায় 20 বছৰীয়া যুৱক জ্যোতিষমানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ অঞ্চলটোত যুৱক জনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ । ইতিমধ্যে ন্যায় বিচাৰি পৰিয়ালে কাষ চাপিছে আৰক্ষীৰ আনহাতে নিচা মুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ মতে ডিঙিত চিপ লগা অৱস্থাত বাথৰূমত উদ্ধাৰ হৈছিল মৃতদেহটো।

উল্লেখযোগ্য যে, গহপুৰৰ জ্যোতিষমান বৰুৱা নামৰ যুৱকজন বিগত ডিচেম্বৰ মাহৰ পৰাই নিচা মুক্তি কেন্দ্ৰটোত আছিল । প্ৰতিমাহে ৯৭০০টকাৰ বিনিময়ত উক্ত NGOটোত পৰিয়ালে ৰাখিছিল যদিও বিভিন্ন সময়ত অত্যাচাৰ কৰি অহাৰ অভিযোগ পৰিয়ালৰ । চিকিৎসাৰ নামত অত্যাধিক মাৰ-ধৰ কৰাৰ অভিযোগত NGO টোৰ পৰা পূৰ্বে ৪০ জন যুৱকে পলায়ন কৰা লগতে কেইবাজন গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈছিল বুলি জানিব পৰা হৈছে । আনহাতে ডিব্ৰুগড়ৰ আন এটা নিচামুক্তি কেন্দ্ৰত পূৰ্বে এনেদৰে এজন আবাসীৰ মৃত্যু হৈছিল। নিচামুক্তিৰ নামত এনেদৰে লাখ লাখ টকা পৰিয়ালৰ তথা ভুক্তভুগিৰ পৰা সংগ্ৰহ কৰি লুণ্ঠন চলোৱা লগতে সুস্থ কৰি তোলাৰ বিপৰীতে হত্যা কৰা ঘটনাই ডিব্ৰুগড়ত এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰশাসন তথা চৰকাৰক এনে NGO সমূহৰ বিৰুদ্ধে বিহিত ব্যবস্থা লোৱাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইছে ৷

লগতে পঢকঃ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই

Last Updated : Jul 21, 2022, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.