ETV Bharat / state

UPSC ৰ পৰীক্ষাত উজলিল মৰাণৰ দিবাংগনা - UPSCৰ পৰীক্ষাত উজলিল মৰাণৰ দিবাংগনা

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উজলিল অসমৰ ছাত্ৰী দিবাংগনা । এনফ'ৰ্চমেন্ট অফিচাৰ পদৰ প্ৰতিযোগিতামূলক পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ দিবাংগনাৰ (Dibangana cleared UPSC exam)। মেধাৱী ছাত্ৰীগৰাকীক বিভিন্নজনৰ সম্বৰ্ধনা ।

Dibangana
UPSCৰ পৰীক্ষাত উজলিল মৰাণৰ দিবাংগনা
author img

By

Published : Sep 1, 2022, 10:17 AM IST

মৰাণ,১ ছেপ্টেম্বৰ : কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উজলিল অসমৰ ছাত্ৰী (UPSC exam result 2022)। এনফ'ৰ্চমেন্ট অফিচাৰ পদৰ প্ৰতিযোগিতামূলক পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ কৰিলে মৰাণৰ দিবাংগনা মহনে (Dibangana cleared UPSC exam)। দিবাংগনা মহনৰ এই সফলতাত গৌৰৱান্বিত মৰাণবাসী ৷

মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে নৱম স্থান লাভ কৰা দিবাংগনা মৰাণ নতুন নগৰৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক অজয় মহনৰ কন্যা ৷ বৰ্তমান ছফটৱেৰ ইঞ্জিনীয়াৰ হিচাপে কৰ্মৰত দিবাংগনাই অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছিল ৷

ইয়াৰ মাজতে দিবাংগনাৰ এই সফলতাত উৎফুল্লিত হৈছে পৰিয়ালৰ লগতে স্থানীয় লোকসকল (Moran girl successfully cleared UPSC) ৷ ইফালে এই খবৰ পোৱাৰ পাছতে মৰাণ নতুন নগৰৰ স্থানীয় ৰাইজে দিবাংগনাৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰা দেখা গৈছে ।

লগতে পঢ়ক :বিশিষ্ট ফৰাচী ভাষাতত্ববিদ চাইফুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.