ETV Bharat / state

ডিব্ৰুগড়ত বাঢ়িছে ঢোলৰ বিক্ৰী

ডিব্ৰুগড়ৰ ভিন্ন স্থানত ঢোলৰ বিক্ৰীৰ সংখ্যা অধিক হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ লেখীয়াকৈ ঢোল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বিক্ৰেতাসকল ৷

author img

By

Published : Apr 9, 2021, 12:16 PM IST

dhol-sale
ডিব্ৰুগড়ত ঢোলৰ বিক্ৰী

মৰাণ,9 এপ্ৰিল : অসমৰ বিভিন্ন লোকবাদ্যসমূহৰ ভিতৰত অতিকে পুৰণি বাদ্যটোৱেই হ’ল ঢোল । ঢোলক বাদ দি অসমীয়াৰ বিহু আধৰুৱা । অসমীয়া সংস্কৃতি, অসমীয়া জনজীৱনৰ সৈতে ঢোল ওতঃপ্ৰোতভাৱে জড়িত । ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ বিভিন্ন স্থানত চলিছে বিহুৰ আখৰা । ইফালে ডিব্ৰুগড় জিলাৰ ভিন্ন ঠাইত ঢোল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ঢোল বিক্ৰেতাসকল ।

ডিব্ৰুগড়ত ঢোলৰ বিক্ৰী

জিলাখনত এইবাৰ ঢোলৰ বিক্ৰী পূৰ্বতকৈ ভাল হোৱা বুলি জানিব পৰা গৈছে ৷ বিগত বৰ্ষত ক’ভিড মহামাৰীৰ বাবে এই ব্যৱসায়ৰ লগত জড়িত লোকসকলে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । মুঠৰ ওপৰত ঢোল হৈছে পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ ।

লগতে পঢ়ক : ডলা-চালনী বিক্ৰী কৰি স্বাৱলম্বী হোৱা এটা দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.