মৰাণ, 26 মে’ : ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত ক'ভিড-১৯ৰ টীকাকৰণ অধিক গুৰুত্ব আৰোপ কৰিছে জিলা স্বাস্থ্য বিভাগে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনত দৈনিক বিভিন্ন স্থান আৰু কেন্দ্ৰ সমূহত ৪৫ বছৰ উৰ্ধৰ বয়সৰ লগতে ১৮ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তি সকলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে জিলাখনৰ বিভিন্ন চাহ বাগিচাৰ এলেকা সমূহতো ক'ভিডৰ টীকাকৰণ কৰি আহিছে স্বাস্থ্য বিভাগে।
![deputy-commissioner-of-dibrugarh-visited-vaccination-centre](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8025to8027-deputycommissionerofdibrugarhvisitedvaccinationcentre-as10031_25052021152351_2505f_1621936431_308.jpg)
আনহাতে, মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জ্যোতি নগৰস্থিত মাৰোৱাৰী আৰোগ্য ভৱনত উপস্থিত হৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত স্থাপন কৰা ক'ভিড-১৯ৰ টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷ ইয়াৰ লগতে উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰটোৰ চিকিৎসা কৰ্মীসকলৰ উপৰিও টীকা গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ লগত মত বিনিময় কৰে আৰু উক্ত কেন্দ্ৰটোৰ যাৱতীয় সা-সুবিধাসমূহৰ বিষয়ে বুজ লয় ।
![deputy-commissioner-of-dibrugarh-visited-vaccination-centre](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8025to8027-deputycommissionerofdibrugarhvisitedvaccinationcentre-as10031_25052021152351_2505f_1621936431_686.jpg)
লগতে পঢ়ক : ডিব্ৰুগড়ত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ক'ভিড টিকাকৰণ কেন্দ্ৰ