ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয় পৰিৰ্দশন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

author img

By

Published : May 18, 2021, 7:55 PM IST

অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনত ক'ভিড সংক্ৰমিত ব্যক্তি সকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে তাত থকা ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলা উপায়ুক্তই ৷

অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত উপায়ুক্ত

মৰাণ, 18মে’: দেশত ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো প্ৰতিদিনে আক্ৰান্ত বৃ্দ্ধি পাইছে ৷ সম্প্ৰতি ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ক'ভিড প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । মঙলবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তাত থকা ক'ভিড সংক্ৰমিত ব্যক্তি সকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে থকা ক'ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰে ৷ লগতে উক্ত কেন্দ্ৰটোত ৰোগী সকলৰ বাবে মজুত থাকিবলগীয়া পৰ্যাপ্ত সুবিধা সমূহৰ বিষয়েও বুজ লয় ।

উল্লেখযোগ্য যে, ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে চিকিৎসা মহাবিদ্যালয় খনৰ চিকিৎসক আৰু নাৰ্চ সকলৰ সৈতে ক'ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে ৷

একেদৰে উপায়ুক্ত গৰাকীয়ে চিকিৎসা মহাবিদ্যালয় খনত বৰ্তমান পৰিস্থিতিত ক'ভিড ১৯ সংক্ৰমিত ৰোগী সকলক প্রদান কৰি থকা চিকিৎসা সেৱাৰ লগতে সমগ্ৰ প্ৰশাসনিক দিশ সমূহৰ বিতংভাৱে বুজ লয় । উপায়ুক্ত গৰাকীৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সঞ্জীৱ কাকতি আৰু অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোহাঁই উপস্থিত থাকে।

লগতে পঢ়কঃ বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.