ETV Bharat / state

মৰাণত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন জিলা প্ৰশাসন

author img

By

Published : May 12, 2021, 4:41 PM IST

মৰাণত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন ‌। শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মাজত অনুষ্ঠিত হৈছে এক সভা । বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হৈছে সভাখন ।

Dibrugarh DC meeting
মৰাণত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন জিলা প্ৰশাসন

মৰাণ,১২ মে': ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণতো ভয়ানকভাৱে প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । মৰাণত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন ‌। শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মাজত অনুষ্ঠিত হৈছে সভা ।

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত সাম্প্ৰতিক পৰিস্থিতিত বিশেষকৈ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যেৰে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, মৰাণ ৰাজহ চক্ৰ বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াৰ উপস্থিতত এখনি বৈঠক অনুষ্ঠিত হয় ।

যিহেতু উক্ত অঞ্চলত দৈনিক সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ আছে, সেয়েহে উপায়ুক্তগৰাকীয়ে বিষয়াসকলক উক্ত অঞ্চলত হোম আইছ’লেচনত থকা সংক্ৰমিত ৰোগী আৰু কণ্টেইনমেণ্ট জ'নসমূহত কঠোৰভাৱে নীতি-নিয়মসমূহ যাতে পালন কৰা হয়, তাৰ ওপৰত বিষয়াসকলক তীক্ষ্ণ নজৰ ৰাখিবলৈ কয় । ইয়াৰোপৰি এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে উক্ত অঞ্চলসমূহত ক'ভিডৰ পৰীক্ষা আৰু চলি থকা ক'ভিডৰ টীকাকৰণ সূচাৰুৰূপে হৈ আছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.