ETV Bharat / state

বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া - ডিব্ৰুগড়

কেৱল ভোটৰ বাবেই এতিয়া বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ দলটোৱে নানান আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰিছে ৷ কিন্তু এই কথা এতিয়া অসমৰ ৰাইজে বুজি উঠিছে বুলি উল্লেখ কৰে বিধায়ক দেৱব্ৰত শইকীয়াই ।

debabrata saikia press meet at tingkhang
বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া
author img

By

Published : Feb 20, 2021, 10:51 PM IST

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি শাসকীয় বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়ক দেৱব্ৰত শইকীয়াই । সংবাদমেলত দেৱব্ৰত শইকীয়াই কয় যে, বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ কেৱল ভোটৰ বাবেই এতিয়া বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে ৷ দলটোৱে নানান আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰিছে ৷ কিন্তু এই কথা এতিয়া অসমৰ ৰাইজে বুজি উঠিছে ৷ বিজেপিয়ে যিমানেই প্ৰলোভন দিয়ক, এইবাৰ অসমৰ ৰাইজে বিজেপিৰ পক্ষত ৰায় নিদিয়ে ৷

বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া

আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা ‘অসম বচাও’ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে টিংখাঙৰ ৰাজগড়ত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰি বিধায়কগৰাকীয়ে ‘কা’ৰ বিপক্ষে ৰাইজক অৱস্থান কৰিবলৈ আহ্বান জনায় ৷ এই সময়ছোৱাত দেৱব্ৰত শইকীয়াক সংগ দিয়ে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, বিপুল গগৈ, টিংখাং ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷ বিধায়ক দেৱব্ৰত শইকীয়াই ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাং, মহিলা সমিতিৰ সৈতেও মত বিনিময় কৰে ৷

লগতে পঢ়ক : আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জুবিনৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.