ETV Bharat / state

তৃতীয় দিনা উদ্ধাৰ শিৰোমণি বৰাৰ মৃতদেহ

author img

By

Published : Apr 16, 2021, 1:25 PM IST

অৱশেষত তৃতীয় দিনা পুৱাই ঘটনাস্থলীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত শিৰোমণি বৰাৰ মৃতদেহ উদ্ধাৰ । গৰু বিহুৰ দিনা বুঢ়ী দিহিং নদীত গা ধুবলৈ গৈ শিৰোমণি বৰা আৰু চানু খনিকৰ নিৰুদ্দেশ হৈছিল । নিৰুদ্দেশ হোৱাৰ দিনাই এছডিআৰএফ বাহিনীয়ে চানু খনিকৰৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ডিব্ৰুগড়ৰ বাঁহবাৰী গাঁৱৰ শিৰোমণি বৰা নিৰুদ্দেশ হৈ আছিল ।

তৃতীয় দিনা উদ্ধাৰ শিৰোমণি বৰাৰ মৃতদেহ
তৃতীয় দিনা উদ্ধাৰ শিৰোমণি বৰাৰ মৃতদেহ

মৰাণ, ১৬ এপ্ৰিল : গৰুবিহুৰ দিনা বুঢ়ী দিহিং নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । এছডিআৰএফ বাহিনীয়ে চানু খনিকৰ নামৰ যুৱকজনৰ মৃতদেহ বুধবাৰে নদীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাচতে শুকুৰবাৰে অৰ্থাৎ তৃতীয় দিনা পুৱাই ঘটনাস্থলীৰ পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত শিৰোমণি বৰাৰ মৃতদেহ উদ্ধাৰ হয় ।

দুটাকৈ দিন এছডিআৰএফ বাহিনীয়ে অভিযান চলাই শিৰোমণি বৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও অৱশেষত শুকুৰবাৰে পুৱা পৰিয়ালৰ লোকে নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে । উল্লেখ্য যে, গৰু বিহুৰ দিনা বুঢ়ী দিহিং নদীত গা ধুবলৈ গৈ শিৰোমণি বৰা আৰু চানু খনিকৰ নিৰুদ্দেশ হৈছিল । নিৰুদ্দেশ হোৱাৰ দিনাই এছডিআৰএফ বাহিনীয়ে চানু খনিকৰৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ডিব্ৰুগড়ৰ বাঁহবাৰী গাঁৱৰ শিৰোমণি বৰা নিৰুদ্দেশ হৈ আছিল ।

লগতে পঢ়ক: তেজপুৰৰ শ্বহীদ বাকৰিত ছাত্র সন্থাৰ মুকলি বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.