ETV Bharat / state

ডিব্ৰুগড়ৰ ভিন্ন বিদ্যালয়ত উপায়ুক্ত বিশ্বজিৎ পেগুৰ চাডেন ভিজিট

author img

By

Published : Jun 22, 2022, 8:00 PM IST

শিক্ষামন্ত্ৰীৰ পাচত এইবাৰ ডিব্ৰুগড়ৰ ভিন্ন বিদ্যালয়ত উপায়ুক্ত বিশ্বজিৎ পেগুৰ চাডেন ভিজিট (DC Biswajit Pegu makes surprise visit to govt school)৷ নিৰ্ধাৰিত সময়ত সকলো শিক্ষকক বিদ্যালয়লৈ আহিবলৈ নিৰ্দেশ প্ৰদান উপায়ুক্তগৰাকীৰ ৷

Biswajit Pegu in Dibrugarh
ডিব্ৰুগড়ৰ ভিন্ন বিদ্যালয়ত উপায়ুক্ত বিশ্বজিৎ পেগুৰ চেডেন ভিজিট

মৰাণ, 22 জুন : শিক্ষামন্ত্ৰীৰ পাচত বিদ্যালয়ে বিদ্যালয়ে এইবাৰ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ চাডেন ভিজিট (Biswajit Pegu gives surprise visit to school) ৷ শিক্ষাৰ্থীৰ পাঠদান প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজন, পাঠশালা আদিৰ সকলো প্ৰক্ৰিয়া তন্ন তন্নকৈ পৰীক্ষা কৰে উপায়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC exam result 2022) বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহত চাডেন ভিজিট কৰিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে । আনকি কেমেৰাৰ সন্মুখতে বিদ্যালয় কৰ্তৃপক্ষক জবাবদিহিও কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে । এই লৈ ভিন্ন মহলত ভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷

শিক্ষামন্ত্ৰীৰ পাচতে এইবাৰ বিদ্যালয়ে বিদ্যালয়ে চাডেন ভিজিট কৰি ডিব্ৰুগড় উপায়ুক্তগৰাকীয়ে বুজ লয় চৰকাৰী বিদ্যালয়ৰ সামগ্ৰিক পৰিস্থিতি ৷ বুধবাৰে ডিব্ৰুগড় জিলাৰ কেবাখনো ভিতৰুৱা অঞ্চলৰ বিদ্যালয়ত চাডেন ভিজিট কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে ।

জিলাখনৰ লেজাই কলাখোৱা অঞ্চলৰ পানীমিৰি গাঁৱৰ প্ৰাৰ্থমিক বিদ্যালয়ত উপস্থিত হৈ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিদ্যালয়খনত শিক্ষকৰ দৈনিক উপস্থিতি, ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান প্ৰক্ৰিয়া, মধ্যাহ্ন ভোজন, অংগনবাড়ী কেন্দ্ৰৰ পৰিৱেশ ইত্যাদি তদাৰক কৰে । আনকি বিদ্যালয়খনত সময় অনুসৰি কেবাগৰাকী শিক্ষকে পাঠদান নকৰাৰ বাবে উপায়ুক্তগৰাকী ক্ষোভিত হৈ পৰা লগতে প্ৰধান শিক্ষকগৰাকীক এই ক্ষেত্ৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ এক প্ৰকাৰে সকীয়নি প্ৰদান কৰে ।

লগতে শিক্ষকসকলক সময়মতে বিদ্যালয়ললৈ আহি নিজক কৰ্তব্য সম্পাদন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক : ননচেঞ্চ কথা নক’ব; অধ্যক্ষক ধমক শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.