কৰিমগঞ্জ, ২৪ ছেপ্টেম্বৰ: চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত অবৈধ বাংলাদেশীৰ প্ৰৱেশ হ্ৰাস পোৱা বুলি দাবী কৰিলেও এনে অনুপ্ৰৱেশ এতিয়াও চলি আছে । একাংশ দালালৰ সহযোগত ভাৰতত বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিয়েই আছে । বিগত কেইবাদিনত সীমান্তত আটক হোৱা অনুপ্ৰৱেশকাৰীৰ তথ্য়ই এই ছবিখন স্পষ্ট ৰূপত দাঙি ধৰিছে । ইয়াৰ মাজতেই বদৰপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই অবৈধ কাৰ্যৰে জড়িত ৪ কুখ্য়াত দালালক ।
দীর্ঘদিন দৰি অবৈধভাৱে বাংলাদেশীক ভাৰতত অনুপ্ৰৱেশ কৰোৱা ৪ কুখ্যাত দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই কেইটা কুখ্যাত দালালক । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত বদৰপুৰ থানাৰ এটা আৰক্ষীৰ দলে অভিযান চলাই প্ৰথমে বদৰপুৰৰ কোনাপাড়া গাঁৱৰ জামিল আহমেদ মোনা (২৮) নামৰ কুখ্যাত দালালটোক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিচতেই কাছাৰৰ খেলামা অঞ্চলৰ পৰা আৰু তিনিটা দালালক গ্ৰেপ্তাৰ কৰে । ধৃত দালাল কেইটা হৈছে মহববুল আলম (২৬) কপিল উদ্দিন (৪৬) আৰু টিটু ৰয় (২৫)।
মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ
বদৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম অধিকাৰীয়ে এই সন্দৰ্ভত কয়, "দীৰ্ঘদিন ধৰি বাংলাদেশৰ পৰা মেঘালয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অহা বাংলাদেশীক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ লগত জড়িত বদৰপুৰৰ কুখ্যাত দালাল জামিল আহমেদ মোনা, মহববুল আলম, কপিল উদ্দিন আৰু টিটু ৰয়ে । মেঘালয় সীমান্তৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কাছাৰ জিলা হৈ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে'ল জংচনৰ পৰা বাংলাদেশী নাগৰিকক ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল দালাল কেইটাই ।"
Displaying alertness, yesterday @BSF_India and @assampolice managed to push back 3 illegal Bangladeshi infiltrators across the International border,
— Himanta Biswa Sarma (@himantabiswa) September 24, 2024
1️⃣ Anowar Hussain
2️⃣Nashrin Sheikh
3️⃣Babli Shaikh
Good job Team! 👍 pic.twitter.com/Ra24pA1x4k
- তিনি বাংলাদেশ অনুপ্ৰৱেশকাৰীক আটক
সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে আৰু তিনিজন বাংলাদেশ অনুপ্ৰৱেশকাৰীক সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে । ভাৰত-বাংলাদেশ সীমান্তত আটক হোৱা এই তিনি অনুপ্ৰৱেশকাৰী হৈছে ক্ৰমে আনোৱাৰ হুছেইন, নাশ্ৰিন শ্বেখ আৰু বাবলি শ্বেখ ৷
In line with our zero tolerance policy toward illegal infiltration, earlier today @assampolice successfully pushed back the following Bangladeshi nationals who attempted to cross the International Border at Karimganj
— Himanta Biswa Sarma (@himantabiswa) September 20, 2024
👉 Dilara Begum
👉 Shoel Hawladar
Keep up the good work 👍 pic.twitter.com/FtkEqdrlXn
উল্লেখ্য় যে যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে তিনি বাংলাদেশী নাগৰিকক চিনাক্ত কৰি নিজৰ দেশলৈ ওভতাই পঠিয়াইছিল । আনহাতে, ১১ ছেপ্টেম্বৰতো আৰক্ষীয়ে টয়ু শ্বেইখ নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰিছিল । আনহাতে যোৱা ১৭ ছেপ্টেম্বৰত অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৰাজ্যৰ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । যোৱা ১৯ ছেপ্টেম্বৰতো ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীয়ে কৰিমগঞ্জত চাৰিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰাৰ পিচতেই সীমান্ত পাৰ কৰাই বাংলাদেশলৈ ঘূৰাই পঠিয়ায় ।