ETV Bharat / international

গাজাৰ পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী; পেলেষ্টাইনক সমৰ্থনৰ আশ্বাস - Modi meets Palestinian President

author img

By ANI

Published : 2 hours ago

Modi meets Palestinian President: নিউয়ৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । গাজাৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শান্তি প্ৰতিষ্ঠাৰ কামনা কৰে । পেলেষ্টাইনক মানৱীয় সমৰ্থন অব্যাহত ৰখাৰো প্ৰতিশ্ৰুতি দিয়ে মোদীয়ে ।

Modi meets Palestinian President
গাজাৰ পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী:বিক্ৰম মিছৰী (ANI)

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : কোৱাড সন্মিলন উপলক্ষে আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ সৈতে বৈঠকত মিলিত হৈছে । পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহম্মদ আব্বাছৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে গাজাত উদ্ভৱ হোৱা সংকট সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে । কেৱল দুখন ৰাজ্যৰ সমাধানেহে এই ক্ষেত্ৰত বহনক্ষম শান্তি প্ৰদান কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে । সোমবাৰে বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে দুয়োগৰাকী নেতাৰ বৈঠক সন্দৰ্ভত মন্তব্য কৰে ।

পেলেষ্টাইনক সমৰ্থনৰ আশ্বাস

মিছিৰীয়ে উল্লেখ কৰা মতে এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ ঐতিহাসিক সমৰ্থনৰ লগতে পেলেষ্টাইনী জনসাধাৰণক নিৰন্তৰ মানৱীয় সমৰ্থনৰ প্ৰতিশ্ৰুতি দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ সমাপ্তিৰ পিচতে মিছৰীয়ে সংবাদমেলত কয়, "পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ ঐতিহাসিক সমৰ্থনৰ লগতে স্বাস্থ্য, শিক্ষা, ক্ষমতা নিৰ্মাণ আৰু অন্যান্য ক্ষেত্ৰত ভাৰতে পেলেষ্টাইনক আগবঢ়োৱা নিৰন্তৰ মানৱীয় সমৰ্থনৰ কথাও উল্লেখ কৰে ।"

গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মোদী

তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী মোদীয়ে গাজাত উদ্ভৱ হোৱা সংকটৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে, য'ত পৰিস্থিতি জটিল হৈ আছে আৰু উত্তেজনা অধিক হৈ আছে । কেৱল দুই ৰাজ্যৰ সমাধানেহে এই ক্ষেত্ৰত বহনক্ষম শান্তি প্ৰদান কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে কয় ।" বৈদেশিক সচিবজনে লগতে কয় যে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিয়ে মানৱীয় সহায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰাজনৈতিক সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে ।

মিছৰীয়ে লগতে কয়, "ৰাষ্ট্ৰপতি আব্বাছে স্পষ্টকৈ কৈছে যে তেওঁ কেৱল মানৱীয় সহায়ৰ বাবেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পেলেষ্টাইনক ভাৰতৰ ৰাজনৈতিক সমৰ্থনৰ বাবেও যথেষ্ট প্ৰশংসা কৰিছে ।"

তেওঁ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ বিষয়ত ভাৰতৰ স্থিতি পুনৰ দোহাৰে আৰু নিশ্চিত কৰে যে ভাৰতে পেলেষ্টাইনক সমৰ্থন আগবঢ়াই যাব । বৈদেশিক সচিবে কয়, "পেলেষ্টাইন বিষয়ত আমাৰ মৌলিক স্থিতি বৰ্তমান স্থিৰ আছে, মানৱীয় সহায় আৰু সমৰ্থনৰ বিষয়বোৰৰ সৈতে সম্পৰ্কিত অধিক তাৎক্ষণিকতা আছে, যিবোৰ আমি আগবঢ়োৱা অব্যাহত ৰাখিছো আৰু অব্যাহত ৰাখিম ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতি টু লামৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । তাৰ পূৰ্বে দেওবাৰে তেওঁ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু কুৱেইটৰ ৰাজকুমাৰ শ্বেখ চাবাহ খালিদ আল-হামাদ আল-মুবাৰক আল-ছাবাহৰ সৈতেও দ্বিপাক্ষিক বৈঠকতো মিলিত হয় ।

লগতে পঢ়ক :শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক - PM Modi US visit

আমেৰিকাত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক - Quad Summit 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.