ETV Bharat / technology

26 ছেপ্টেম্বৰত বজাৰত মুকলি হ’ব Redmi Note 14 series - Redmi Note 14 release date

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Redmi Note 14 series: অহা 26 ছেপ্টেম্বৰত মুকলি কৰা হ’ব Redmi ৰ বহু প্ৰত্যাশিত Redmi Note 14 ছিৰিজ । একেটা অনুষ্ঠানতে কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৰেডমি বাডছ 6 TWS ইয়াৰবাডো মুকলি কৰিব ।

Etv Bharat
প্ৰতিনিধিত্বমূলক ফটো (AI)

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: Redmi ৰ বহু প্ৰত্যাশিত Redmi Note 14 ছিৰিজ মুকলিৰ তাৰিখ ঘোষণা কৰা হৈছে । অহা 26 ছেপ্টেম্বৰত চীনত মুকলি কৰা হ’ব Redmi Note 14 ছিৰিজ । একেটা অনুষ্ঠানতে কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৰেডমি বাডছ 6 TWS ইয়াৰবাডো মুকলি কৰিব ।

মুকলি হ’বলগীয়া মডেল: Redmi Note 14 ছিৰিজত মুকলি কৰা হৈছে নোট 14, নোট 14 প্ৰ’ আৰু নোট 14 প্ৰ’+ মডেল । কেৱল এয়াই নহয়, নোট 14 প্ৰ’ আৰু 14 প্ৰ’+ৰ অফিচিয়েল ফটোও মুকলি হৈছে । দুয়োটা মডেলকে বেকা ধৰণৰ ডিছপ্লেৰ সৈতে দেখা গৈছে । নোট 14 প্ৰ’ত কেমেৰা নটচ আৰু এল ই ডি ফ্লেছ দেখা গৈছে । দুয়োটা ফোনতে OIS ক্ষমতাৰ সৈতে 50MP প্ৰাইমেৰী কেমেৰা থাকিব বুলি আশা কৰা হৈছে । ইয়াত অতিৰিক্ত দুটা কেমেৰা আৰু এল ই ডি ফ্লেছ ইউনিটৰ সৈতে এটা প্ৰাইমেৰী কেমেৰা আছে ।

চাৰিটা ৰঙত উপলব্ধ: Redmi Note 14 প্ৰ’ ফোনটো চাৰিটা ৰঙত মুকলি কৰা হৈছে ৷ মিডনাইট ব্লেক, মিৰ’ৰ পৰ্চেলেইন হোৱাইট, টুইলাইট পাৰ্পল আৰু ফেণ্টম ব্লু । একে সময়তে কোম্পানীয়ে Note 14 প্ৰ’+ তিনিটা ৰঙৰ বিকল্পত বজাৰত মুকলি কৰিছে - মিডনাইট ব্লেক, মিৰ’ৰ পৰ্চেলেইন হোৱাইট আৰু ছেণ্ড ষ্টাৰ গ্ৰীণ । অৱশ্যে নোট 14 ৰ ৰঙৰ বিকল্প সন্দৰ্ভত এতিয়াও কোম্পানীয়ে ঘোষণা কৰা নাই ।

গৰিলা গ্লাছ ভিক্টাছ 2 ডিছপ্লে’: মুকলি হ’বলগীয়া Note 14 Pro মডেলটোক ধূলি, মলি আৰু পানীৰ পৰা ৰক্ষা কৰিবলৈ কোম্পানীয়ে IP69 ৰেটিংৰ সৈতে প্ৰস্তুত কৰিছে । ভিক্টাছ 2কে ধৰি তিনিওটা মডেলৰ ডিছপ্লে ফোনৰ সুৰক্ষাৰ যত্ন ল’ব গৰিলা গ্লাছে ।

লগতে পঢ়ক: স্মাৰ্টফোন ক্ৰয় কৰাৰ পূৰ্বে মন দিয়ক এই দিশবোৰলৈ - Smartphone buying guide

শীঘ্ৰে ভাৰতীয় বজাৰত Infinix ৰ ভাঁজ কৰিব পৰা স্মাৰ্টফোন - Foldable mobile phones

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.