ETV Bharat / business

জয় আনমোল আম্বানীক এক কোটি টকাৰ জৰিমনা বিহিলে SEBI এ - SEBI fines Jai Anmol Ambani - SEBI FINES JAI ANMOL AMBANI

Reliance Home finance: ৰিলায়েন্স হোমৰ বিত্তীয় গোচৰত যথাযথ প্ৰণালী অবিহনে কৰ্পৰেট ঋণ অনুমোদন জনোৱাৰ বাবে SEBI এ জয় আনমোল আম্বানীক ১ কোটি টকাৰ জৰিমনা বিহিছে ৷ চাওক সবিশেষ-

Jai Anmol Ambani
Reliance Home finance (ANI)
author img

By ANI

Published : Sep 24, 2024, 9:04 AM IST

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: ৰিলায়েন্স হোমত সাধাৰণ উদ্দেশ্যৰ কৰ্পৰেট ঋণ (জিপিচিএল) অনুমোদন কৰাৰ সময়ত যথাযথ মনোযোগ নিদিয়াৰ বাবে সোমবাৰে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া চমুকৈ SEBI এ উদ্যোগপতি অনিল আম্বানীৰ পুত্ৰ জয় আনমোল আম্বানীৰ বিৰুদ্ধে বিত্তীয় গোচৰত ১ কোটি টকাৰ জৰিমনা বিহে ।

ৰিলায়েন্স হোম ফাইনেন্সৰ প্ৰাক্তন মুখ্য ৰিস্ক অফিচাৰ কৃষ্ণন গোপালকৃষ্ণন অনুমোদন প্ৰক্ৰিয়াত জড়িত হোৱাৰ বাবে তেওঁকো ১৫ লাখ টকাৰ জৰিমনা বিহিছে বজাৰ SEBI এ ।

কোম্পানীটোৰ দুয়োগৰাকী শীৰ্ষ বিষয়াকে SEBI ৰ নিৰ্দেশ অনুসৰি ৪৫ দিনৰ ভিতৰত জৰিমনাৰ ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । SEBI এ ইয়াৰ আদেশত লগতে কয়, ""জাননী গ্ৰহণকাৰী ১, কোম্পানীটোৰ অকাৰ্যবাহী সঞ্চালক হিচাপে, কোম্পানীটোক নিজৰ দিশলৈ লৈ গৈছে আৰু পৰিচালক হিচাপে নিজৰ ভূমিকাত নিজৰ সামৰ্থৰ বহু ওপৰলৈ গৈছে । প্ৰথমগৰাকী জাননী গ্ৰহণকাৰীয়ে তেনে কৰাটো গোপন উদ্দেশ্য যেন লাগে আৰু নিশ্চিতভাৱে ই শ্বেয়াৰহোল্ডাৰসকলৰ স্বাৰ্থত নহয়, আৰু ই যথাযথ মনোযোগ দিয়া নাই তথা উচ্চ নৈতিক মানদণ্ড বজাই ৰখা নাই ।’’

SEBI এ আৰু কয়, ‘‘ৰিলায়েন্স কেপিটেল আৰু ৰিলায়েন্স হোম ফাইনেন্স নামৰ দুটা কোম্পানীৰ ব’ৰ্ডত থকা আৰু লগতে ৰিলায়েন্স এডিএজি গ্ৰুপৰ আন কোম্পানীসমূহৰ সঞ্চালক হিচাপে থকা জয় আনমোল আম্বানীয়ে জিপিচিএলৰ সমগ্ৰ ঋণ আৰু এই জিপিচিএল সত্তাসমূহে ৰিলায়েন্স কেপিটেল লিমিটেডকে ধৰি অন্যান্য ৰিলায়েন্স এডিএজি গ্ৰুপ কোম্পানীসমূহক অনৱাৰ্ড ঋণ প্ৰদানৰ বাবে সন্মানপূৰ্বক, যুক্তিসংগত তথা যথাযথ মনোযোগ দিয়া নাছিল ।”

SEBI এ কয় যে গোপালকৃষ্ণনে জিপিচিএলৰ বিভিন্ন ঋণত অনুমোদন জনাইছিল আৰু কোম্পানীটোৰ মুখ্য ৰিস্ক অফিচাৰ হৈ থকাৰ সময়ত তেওঁ পৰামৰ্শ দিয়া বিভিন্ন ঋণৰ ক্ৰেডিট অনুমোদনৰ স্মাৰকত লিপিবদ্ধ হোৱা ডাঙৰ বিচ্ছিন্নতাৰ বিষয়ে তেওঁ অৱগত ।

যোৱা মাহত এক সুকীয়া পৰিঘটনাত SEBI এ ব্যৱসায়ী অনিল আম্বানী, তেওঁৰ কোম্পানীৰ ৩ জন গুৰুত্বপূৰ্ণ বিষয়া আৰু তেওঁৰ সৈতে জড়িত ২৩ টা কোম্পানীক ৫ বছৰৰ বাবে শ্বেয়াৰ বজাৰত ব্যৱসায় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল ।

SEBI ৰ তদন্তত অনিল আম্বানী আৰু তেওঁৰ সহযোগীসকলে কৰা আৰ্থিক অসৎ আচৰণৰ এটা আৰ্হি উন্মোচিত হৈছিল । নিয়ন্ত্ৰণ সংস্থাটোৱে অনিল আম্বানীৰ সৈতে জড়িত সত্তাসমূহক ঋণ দিয়াৰ অজুহাতত ধন ডাইভাৰ্ট কৰা বুলি ধৰা পেলাইছিল, যাৰ ফলত বিত্তীয় নিয়মৰ গুৰুতৰ উলংঘা হৈছিল ।(ANI)
লগতে পঢ়ক: EPFO ত জুলাই মাহত ১৯.৯৪ লাখ সদস্যই যোগ দিলে, এমাহৰ ভিতৰত এয়া সৰ্বোচ্চ পৰিসংখ্যা - EPFO PAYROLL

ভাৰতৰ আটাইতকৈ ধনী আৰু দুখীয়া ৰাজ্যসমূহ; অসমৰ স্থান ক'ত ? - Richest and Poorest Indian states

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.