ডিব্ৰুগড়,১০ এপ্ৰিল: স্বাস্থ্য বিভাগৰ এখন পত্ৰকলৈ ডিব্ৰুগড় তথা স্বাস্থ্য বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । যি সময়ত ৰাজ্যত পুনৰ দ্বিতীয় পৰ্যায়ত ক'ভিড ভয়াৱহভাবে বৃদ্ধি পোৱাৰ সময়তে ডিব্ৰুগড়ত ক'ভিড প্ৰতিষেধকৰ নাটনি বুলি স্বয়ং স্বাস্থ্য বিভাগৰ এখন পত্ৰক লৈ ডিব্ৰুগড়ত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে ।
জানিব পৰা মতে প্ৰতিষেধক সমাপ্ত হোৱা বুলি উল্লেখ কৰি প্ৰথম পৰ্যায়ৰ টীকাকৰণ বন্ধ থাকিব বুলি সকলো স্বাস্থ্যকেন্দ্ৰ তথা ব্যক্তিগত চিকিৎসালয়লৈয়ো জাননী প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ।
আনহাতে উক্ত চাঞ্চল্যকৰ খবৰ বিয়পি পৰাৰ লগে লগে একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । স্বাস্থ্য বিভাগৰ জাননীয়ে জিলাবাসীৰ মাজত স্বাভাৱিকতে আতংকৰ সৃষ্টি কৰিছে । আনহাতে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জানিবলৈ দিয়া মতে জিলাখনত প্ৰতিষেধকৰ কোনো নাটনি হোৱা নাই ।
এতিয়াও ছয় হেজাৰ ক'ভিড প্ৰতিষেধক জিলাখনত মজুত আছে বুলি কয় উপায়ুক্তগৰাকীয়ে । লগতে জিলা বাসীক আতংকিত হোৱাৰ পৰিৱৰ্তে নিজ নিজ এলেকাত গৈ নিয়মীয়াভাৱে টীকাকৰণ কৰি থকা হৈছে বুলি জনোৱাৰ লগতে ক'ভিড প্ৰতিষেধক লোৱাৰ বাবে সকলোকে আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ।
লগতে পঢ়ক:নাহৰকটীয়াত ব্যাপক ৰূপত চলিছে বিহুৰ আখৰা