ETV Bharat / state

মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন

author img

By

Published : Jun 26, 2021, 4:08 PM IST

ক'ভিড-১৯ ৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ আহি যেন নিজৰ ভৰিতে নিজে কুঠাৰ মাৰিছে একাংশ লোকে । মৰাণৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ লোকৰ ভীৰ । ক'ভিড প্ৰট'কল উলংঘন কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ হেতা-ওপৰা লগালে একাংশ লোকে ।

Public gathering at vaccination centre in moran
মৰাণৰ টীকাকৰণ কেন্দ্ৰ ক'ভিড প্ৰট'কল উলংঘন

মৰাণ, ২৬ জুন : আৰক্ষীৰ নিৰ্দেশকো উপলুঙা কৰে ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ একাংশ লোকে । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণৰ এটা টীকাকৰণ কেন্দ্ৰত সৃষ্টি হ'ল অভাৱনীয় পৰিস্থিতি । সামাজিক দূৰত্ব কি এওঁলোকে যেন বুজি নাপায় ।

প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অযথা ভীৰ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ক'ভিড বিধি ভংগ কৰি পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিছে এই লোকসকলে । কেন্দ্ৰটোত সামজিক দূৰত্বৰ কোনো চিন-চাব নাই । অসচেতনতাৰ পৰিচয় দিছে একাংশ লোকে ।

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে ৰাজ্যৰ সকলো ঠাইতে ক'ভিড প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে উপলব্ধ বুলি কৈ থকা সময়তে মৰাণ চহৰৰ মাজমজিয়াত থকা লায়নচ ক্লাবৰ টীকাকৰণ কেন্দ্ৰত পৰিলক্ষিত হয় এই দৃশ্য ।

মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন

ক'ভিড প্ৰট'কল উলংঘন কৰি প্ৰতিষেধক ল'বলৈ তিনি-চাৰি দিন ধৰি টীকাকৰণ কেন্দ্ৰলৈ আহি শাৰী পাতিছে ৰাইজে । কিন্তু বহু লোকে লাভ কৰা নাই প্ৰতিষেধক । কেন্দ্ৰটোত প্ৰথম ১৫০ জনক প্ৰতিষেধক দিয়াৰ যো-জা কৰা হৈছিল যদিও ৰাইজৰ ভীৰ দেখি ২০০ জনলৈ এই সংখ্যা বৃদ্ধি কৰে ।

তথাপিও শনিবাৰেও বহু লোক বাদ পৰি ৰয় । ফলত টীকাকৰণ কেন্দ্ৰটোত উত্তপ্ত পৰিৱেশ সৃষ্টি হয় । পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

তিনি-চাৰি দিন ধৰি প্ৰখৰ ৰ'দত শাৰী পাতিও প্ৰতিষেধক গ্ৰহণ কৰিব নোৱাৰি ক্ষোভিত হৈ পৰিছে ৰাইজ । মৰাণত টীকাকৰণ কেন্দ্ৰৰ সংখ্যা কম হোৱাৰ লগতে প্ৰতিটো কেন্দ্ৰত ১০০ জন লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা বাবেই এই পৰিৱেশ সৃষ্টি হোৱা বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে । মুঠৰ ওপৰত ক'ভিডৰ পৰা নিজক ৰক্ষা কৰিবলৈ প্ৰতিষেধক ল'বলৈ আহি ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে মৰাণত ।

লগতে পঢ়ক: তিনিচুকীয়াত ড্ৰাগছসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.