মৰাণ, 28 জুন : সমগ্ৰ দেশৰ চিকিৎসা বিশেষজ্ঞসকলে সকীয়াই দিছে যে, ভাৰতত ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হ'বলৈ বেছি সময় নাই আৰু যদি ভৱিষ্যতবাণীবোৰ সঁচা হয়, তেন্তে অক্টোবৰ মাহৰ ভিতৰত মহামাৰীয়ে দেশৰ বেছি অংশ সংক্ৰমিত কৰিব । AIIMS ৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কিছুদিন পূৰ্বে সতৰ্ক কৰিছে যে, ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ হোৱাটো নিশ্চিত আৰু এই তৃতীয় ঢৌৰ সংক্ৰমণ পৰৱৰ্তী ৬-৮ সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে । এই তৃতীয় ঢৌৱে শিশুসকলক আটাইতকৈ বেছি সংক্ৰমিত কৰিব বুলিও জনায়।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰাণত ভয়াৱহভাৱে বাঢ়িছে ক’ভিড আক্ৰান্ত শিশুৰ সংখ্যা ৷ বিগত 10 দিনত আক্ৰান্ত হৈছে 38 টা শিশু ৷ কেৱল ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙতে 38 টাকৈ শিশু আক্ৰান্ত হৈছে কৰ'ণাত । খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাঃ এম সোণোৱালে জানিবলৈ দিয়া অনুসৰি 2 বছৰৰ পৰা 14 বছৰৰ তলৰ শিশু সকল আক্ৰান্ত হৈছে ক'ভিডত । আক্ৰান্ত হোৱা 11 টা শিশুক লেজাই-কলাখোৱা, লেঙেৰী, জকাই আদি ক'ভিড কেয়াৰ চেণ্টাৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু বাকী সকলক হোম আইছ'লেশ্যনত ৰখা হৈছে ।
যিহেতু এই কণ-কণ শিশু সকলৰ চিকিৎসালৰ ক্ষেত্ৰতো জটিল হৈ পৰে, সেয়ে চিন্তিত হৈ পৰিছে অভিভাৱক সকল । পৰিয়ালৰ লোকৰ পৰাই এই শিশু সকলৰ দেহলৈ ক'ভিড বিয়পিছে বুলিও উদ্বেগ প্ৰকাশ কৰে চিকিৎসা বিষয়া গৰাকীয়ে । ডিব্ৰুগড় জিলাত বৰ্তমানলৈ 5 গৰাকী শিশুৰ ক’ভিডত মৃত্যু হৈছে ৷
ইপিনে যোৰহাটৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত সোমবাৰে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৷ কৰ’ণাৰ দ্বিতীয়টো ঢৌত ১৮ বছৰ তলৰ ২০০ ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত হৈছে ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫ টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷
ইফালে কিছুদিন পূৰ্বে তেজপুৰৰ Missionery of cheraty শিশু আৱাসগৃহৰ ১৬ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ ইয়াৰে ১১ টা বিশেষভাৱে সক্ষম শিশু আৰু বাকীসকল কিশোৰ-কিশোৰী ৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে ১১ টা শিশু আৰু ৫ গৰাকী পৰিচৰ্যাকাৰীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান শোণিতপুৰত মুঠ আক্ৰান্ত শিশুৰ সংখ্যা 298 গৰাকীলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়ক:যোৰহাটত 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত