ETV Bharat / state

মৰাণত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : May 8, 2021, 10:54 PM IST

মৰাণত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ এইপৰ্যন্ত মৰাণ অঞ্চলত সৰ্বমুঠ ৮৩০ জন লোক ক'ভিড-19ত আক্ৰান্ত হৈছে । বৃহত্তৰ মৰাণ অঞ্চলৰ মুঠ ৭ জন লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

covid-cases-rises-rapidly-in-moran
মৰাণত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

মৰাণ, 8মে' : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ দিনটোতে 54 জন লোকৰ দেহত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এইপৰ্যন্ত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ৬৯৪ গৰাকীলৈ বৃদ্ধি পালে । ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত শনিবাৰে ৪ জন লোকৰ দেহত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ।

পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ১৩৫ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসকে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলোকে হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ সামৰি বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৮৩০ জন লোক ক'ভিড-19ত আক্ৰান্ত হৈছে । আনহাতে, বৃহত্তৰ মৰাণ অঞ্চলত এইপৰ্যন্ত মুঠ ৭ জন লোকে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

লগতে পঢ়ক: আমিনগাঁৱত সেনা জোৱানৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.