কলিয়াবৰ,23 এপ্ৰিলঃ কলিয়াবৰত ক’ভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে ৷ তাৰমাজতে ক্ৰমাৎ ভায়াবহ ৰূপ লোৱা ক’ভিড সংক্ৰমণৰ সময়ত সজাগ আৰু সচেতন কৰিবলৈ ৰাইজৰ মাজত এগৰাকী চিকিৎসকে শুকুৰবাৰৰ দিনটোত এক প্ৰশংসনীয় প্ৰদক্ষেপ গ্ৰহণ কৰে । কলিয়াবৰৰ জনবহুল স্থানত চিকিৎসক প্ৰাঞ্জল গোস্বামীয়ে মাস্ক বিতৰণ কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা চলায় ।
উল্লেখযোগ্য যে, কুঁৱৰীটোল ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক প্ৰাঞ্জল গোস্বামীয়ে আজি কুঁৱৰীটোল, কলিয়াবৰ তিনিআলিৰ ব্যৱসায়িক অঞ্চল আৰু উলোৱনী বজাৰত উপস্থিত হৈ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰি সজাগ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰে । ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ ৰাইজক প্ৰয়োজনী নীতি-নিয়ম পালন কৰিবলৈ সকলোকে অনুৰোধ জনায় । চিকিৎসক গৰাকীয়ে বাছযাত্ৰী সকলকো যাত্ৰাৰ সময়ত দুৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্কখন মুখ-নাক ঢাকি পিন্ধিবলৈ আহ্বান জনায় । এই অভিযানৰ সময়ত চিকিৎসক গৰাকীক স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীয়েও সহযোগ কৰে ।
আনহাতে কলিয়াবৰত এতিয়ালৈকে ক’ভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৫২ গৰাকীলৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিব পৰা গৈছে । ইয়াৰে ৩৪ গৰাকী ব্যক্তি জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত আৰু ১৮ গৰাকী ব্যক্তি চিমনা বস্তিৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে । বুধবাৰে জখলাবন্ধা মুঠ আঠগৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে আৰু ইয়াৰে চাৰিজন এটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে, য'ত এটি কন্যা শিশুও আছে ।
কলিয়াবৰ মহকুমা বিষয়াৰ কাৰ্য্যালয়ৰ তত্বাৱধানত মুঠ চাৰিটা স্থানত ক’ভিড পৰীক্ষা হৈছে যদিও আজিহে চিমনা বস্তিৰ সংক্ৰমিত ব্যক্তিৰ সঠিক সংখ্য জানিব পৰা হৈছে । এই ক্ষেত্ৰত সকলো তথ্য স্থানীয় ৰাইজৰ জ্ঞাতাৰ্থে সময় মতে ৰাজহুৱা কৰিবলৈ কলিয়াবৰ মহকুমা প্ৰশাসনক দাবী জনাই সচেতন মহলে । কিয়নো, যি ধৰণে কলিয়াবৰৰ জনসাধাৰণ সজাগ হ'ব লাগিছিল, সেই সজাগতা এতিয়াও পৰিলক্ষিত হোৱা নাই। সেয়ে আজি এগৰাকী চিকিৎসকে কলিয়াবৰৰ বিভিন্ন স্থানত সজাগতা অভিযান চলাব লগীয়া হৈছে ।
লগতে পঢ়কঃ অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ