ETV Bharat / state

ডিব্ৰুগড়ত বজাৰ নিয়ন্ত্ৰণত নামিছে যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া

author img

By

Published : Nov 8, 2020, 11:08 AM IST

সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰা দৰত যাতে সামগ্ৰী ক্ৰয় কৰিব পাৰে তাত নজৰ ৰাখিছে জিলা প্ৰশাসনে ৷ গ্ৰাহকৰ পৰা যথোচিত মূল্য আদায় কৰাৰ নিৰ্দেশনা প্ৰদান ৷

onsumer-affairs-and-public-distribution-officer-visit
ডিব্ৰুগড়ৰৰ বজাৰে বজাৰে যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া

মৰাণ, 8 নৱেম্বৰ: ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে শাক পাচলিৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক ৷ বিভিন্ন দল সংগঠনে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰতিবাদৰ জোৱাৰ তুলিছে যদিও গা লৰা নাই অসম চৰকাৰ তথা যোগান বিভাগৰ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ শাক-পাচলিৰ বজাৰতো লাগিছে জুই ৷ সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰা দৰত যাতে সামগ্ৰী ক্ৰয় কৰিব পাৰে তাত নজৰ ৰাখিছে জিলা প্ৰশাসনে ৷

consumer-affairs-and-public-distribution-officer-visit-vegitable-markets

শনিবাৰে দিনটোতো ডিব্ৰুগড় জিলা খাদ্য , অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দলে ডিব্ৰুগড় নগৰৰ নালিয়াপুল আৰু বৰবৰুৱা, খোৱাঙৰ তিলৈ বজাৰ পৰিদৰ্শন কৰি বজাৰত আলু, পিয়াঁজৰ দৰে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ কৰে ৷

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দলে খুচুৰা বিক্ৰেতাসকলে গ্ৰাহকৰ পৰা যাতে যথোচিত মূল্যহে আদায় কৰে সেই দিশতো নিৰ্দেশনা প্ৰদান কৰে ৷

লগতে পঢ়কঃ ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.