ডিব্ৰুগড়, 1 অক্টোবৰ : আগন্তুক 9-10 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ডিব্ৰুগড়ত নিৰ্মীয়মান অৱস্থাত থকা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বহুমুখী ক্ৰীড়া প্ৰকল্প । শুকুৰবাৰে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অৱস্থাত থকা বহুমুখী আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া প্ৰকল্পটোত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য ।
খনিকৰত নিৰ্মীয়মান হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মূল ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম প্ৰায় এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি যাবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে । প্ৰকল্পত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে উন্নত পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ ।
উল্লেখ্য যে, খনিকৰত প্ৰায় ৫০০কোটি ব্যয়েৰে নিৰ্মাণ হৈ আছে বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম ৷ নিৰ্ধাৰিত সময়তকৈ কিছু পলম হোৱাৰ অন্তৰালত ক’ভিড বুলি উল্লেখ কৰে প্ৰকল্পৰ দ্বায়িত্বত থকা মন্ত্ৰী বিমল বৰাই । ডিব্ৰুগড়ত নিৰ্মীয়মান হৈ থকা বহু মুখী ক্ৰীড়া প্ৰকল্পৰ কাম সম্পন্ন হৈ উঠিলে ডিব্ৰুগড়ৰেই নহয় অসমৰেই একপ্ৰকাৰ স্বাধীনোত্তৰ কালৰ অভাৱ পূৰণ হ'ব ।
লগতে পঢ়ক : নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ