ETV Bharat / state

মৰাণত আছু নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ

author img

By

Published : Nov 7, 2021, 9:22 PM IST

মৰাণত আছু নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল ৷ সামাজিক মাধ্যমত ভাইৰেল অডিঅ' ক্লিপ ৷

Complaint against AASU leader of Moran for demanding money
মৰাণত আছু নেতাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ

মৰাণ, 7 নবেম্বৰ : আছুৰ দৰে এক জাতীয় ছাত্ৰ সংগঠনৰ মজিয়াত থাকি সংগঠনটোক চেকা লগালে মৰাণৰ এজন ছাত্ৰ নেতাই । পাণ কঢ়িয়াই নিয়া গাড়ী ৰখাই ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভত প্ৰচাৰ মাধ্যমত ভাইৰেল হোৱা এক অডিঅ' ক্লিপে তোলপাৰ লগাইছে মৰাণত ।

আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী গাড়ীৰ গৰাকীয়ে । গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ বিতুপন বৰা নামৰ ব্যক্তিজনে এজাহাৰত উল্লেখ কৰা অনুসৰি তেখেতৰ এ এচ ০৩ বি চি ৩৯৯১ নম্বৰৰ গাড়ীখনে যোৱা ৫ নৱেম্বৰ তাৰিখে উৰিয়ামঘাটৰ পৰা তিনিচুকীয়া আৰু লক্ষীমপুৰলৈ পাণ কঢ়িয়াই নিয়াৰ অৱস্থাত নিশা ১ বজাত মৰাণত আছু নেতা ভাস্কৰ বৰুৱা আৰু আন এজনে গাড়ী ৰখাই ১৫ হাজাৰ টকা দাবী কৰে ।

চালকে টকা দিবলৈ অমান্তি হোৱাত ৮০০ টকা কাঢ়ি লোৱাৰ লগতে ৭ হাজাৰ টকা পিছদিনা দিবলৈ নিৰ্দেশ দিয়ে বুলি এজাহাৰত উল্লেখ কৰিছে ।

ইফালে আছু নেতা ভাস্কৰ বৰুৱাই ফোন কৰা বুলি দাবী কৰা এটা কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হোৱাত বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অডিঅ' ক্লিপটোত আছু নেতাজনে মাৰ্জিত ভাষাত কথোপকথন কৰিছে যদিও টকাৰ দৰ দাম কৰাৰ কথা বতৰা শুনিবলৈ পোৱা গৈছে । আছুক বদনাম কৰা এই নেতাজনৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৱে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়তহে জানিব পৰা যাব ।

লগতে পঢ়ক : সৃষ্টিৰ পদক্ষেপ : মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ দীপাৱলীত ব্যৱহৃত কলগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.