মৰাণ, 17 জুলাই: দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰখনৰ খোদ একাংশ নেতা-পালিনেতা সম্প্ৰতি জড়িত হৈছে দুৰ্নীতিত ৷ এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লেঙেৰী শাখাই ৷ ঘটনাৰ বিৱৰণী অনুসৰি,ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ বামুণবাৰী তিনিআলিস্থিত উৎপল উদ্যানৰ উন্নয়নৰ নামত মুকলি কৰা হৈছিল প্ৰায় এক লাখ ৫০ হাজাৰ টকাৰ ধনৰাশি ৷ এই কামৰ দায়িত্ব লাভ কৰিছিল বিজেপি দলৰ লগত জড়িত একাংশ পালিনেতাই ৷ কিন্তু নিম্নমানৰ কাম সম্পূৰ্ণ কৰিয়েই দায়িত্ব সামৰা পালিনেতাগৰাকীৰ বিৰুদ্ধে উক্ত ধনৰাশি লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷
উল্লেখ্য যে,উদ্য়ানখনৰ নিৰ্মাণকাৰ্যত একাংশ সচেতন ব্যক্তিৰ লগতে আছু কৰ্মী জড়িত আছে ৷ সেয়ে কামটো সম্পৰ্কে স্থানীয় ৰাইজে হিচাপ বিচৰাত বিজেপিৰ পালিনেতা গৰাকীয়ে দুগৰাকীমান দলীয় সদস্যৰ সৈতে আলোচনা কৰি এই দায়িত্ব সামৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে ৷ লাখটকীয়া কামটোৰ বাবদ মাত্ৰ উদ্যানখনৰ চাৰিবেৰৰ দেৱালত ৰং কৰাৰ লগতে ষ্ট্ৰীট লাইট লগাই দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ৷ কিন্তু পৰিতাপৰ বিষয় সপ্তাহৰ দুই-তিনিদিনহে জ্বলে এই লাইটসমূহ ৷ মুঠৰ ওপৰত জোৰা-টাপলি মাৰি উদ্যানখনৰ কাম সম্পূৰ্ণ কৰে বিজেপিৰ পালিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে,এই উন্নয়নমূলক কামৰ সৈতে জড়িতৰ অভিযোগত বিজেপিৰ টিংখাং মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক খেমন গগৈৰ নাম সাঙোৰ খাইছে ৷
লগতে চাওকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা