ETV Bharat / state

চাহ বাগিচাত কোনে যোগান ধৰিছে নিম্নমানৰ খাদ্য ? - Accused of poor quality food to tea workers

ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে হাতত লৈছে বিভিন্ন ব্য়ৱস্থা । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এখন ভয়ংকৰ ছবি । চাহ বাগিচাত যোগান ধৰা হৈছে নিম্নমানৰ খাদ্য(Accused of poor quality food to tea workers) । ABC Tea Workers Welfare Serviceৰ বিৰুদ্ধে উত্থাপন হৈছে বাগিচাত নিম্নমানৰ খাদ্য যোগান ধৰাৰ গুৰুতৰ অভিযোগ ।

complain against abc tea workers welfare service
চাহ বাগিচাত কোনে যোগান ধৰিছে নিম্নমানৰ খাদ্য ?
author img

By

Published : Jun 25, 2022, 10:52 AM IST

মৰাণ,২৫ জুন: ৰাজ্য চৰকাৰে চাহ বাগিচাত শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ বাবে চেষ্টা কৰা বুলি ঘোষণা কৰি থকা সময়তে বাগিচা অঞ্চলত চাহ বাগিচাৰ শ্ৰমিক নিম্নমানৰ খাদ্য যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(Accused of poor quality food to tea workers) । ৰাজ্যৰ বিভিন্ন জিলাৰ বাগিচাত নিম্নমানৰ খাদ্য যোগান ধৰা ABC Tea Workers Welfare Service নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ।

চাহ বাগিচাত কোনে যোগান ধৰিছে নিম্নমানৰ খাদ্য ?

শুকুৰবাৰে ডিব্ৰুগড়ত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ট্ৰেড ইউনিয়নৰ নেচনেল ফ্ৰন্টে । ইউনিয়নৰ অন্যতম নেতা ইজৰাইল নন্দই সংবাদমেলত কয় যে ABCয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰী যোগান ধৰি কোঙা কৰিছে । যিটো সমগ্ৰ চাহ জনগোষ্ঠী ৰাইজৰ বাবে চৰম পৰিতাপৰ বিষয় বুলি । ABCয়ে বাগিচাখনত পঁচা চাউল,আটা প্ৰদান কৰাৰ অভিযোগ তথ্য সহকাৰে দাঙি ধৰে নেতাগৰাকীয়ে ।

সংবাদমেল যোগে ভাৰতীয় ট্ৰেড ইউনিয়নৰ নেচনেল ফ্ৰন্টে ABC Tea Workers Welfare Service নামৰ অনুস্থানটোক ব্লেক লিষ্টেট কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে এক তদন্ত কৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক: 27 জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.