ETV Bharat / state

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে নাগালেণ্ডত আৱদ্ধ শতাধিক কয়লা ভৰ্তি ট্ৰাক - Illegal Coal Transportation and business

নগালেণ্ডত আৱদ্ধ শতাধিক কয়লা ভৰ্তি ট্ৰাক(coal loaded truck stuck in nagaland) ৷ অসমৰ বৈধ অনুজ্ঞাপত্ৰৰ জৰিয়তেহে কয়লা সৰবৰাহ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে নগালেণ্ডতে আৱদ্ধ হৈ পৰিছে কয়লা ভৰ্তি ট্ৰাক সমূহ ৷

Coal laden truck Blocked in Nagaland
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে নাগালেণ্ডত আৱদ্ধ শতাধিক কয়লা ভৰ্তি ট্ৰাক আৱদ্ধ
author img

By

Published : Nov 29, 2021, 8:27 PM IST

আমগুৰি, ২৯ নৱেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দশৰ পাছতেই নগালেণ্ডত আৱদ্ধ কয়লা সৰবৰাহ কৰা শতাধিক ট্ৰাক(coal laden truck stranded in nagaland) ৷ নগালেণ্ডৰ ১০ মাইল, ৱামাকানত আৱদ্ধ হৈ আছে কয়লা পৰিবাহী ট্ৰাক সমূহ ৷ ট্ৰাকৰ চালক সকলে সদৰী কৰা মতে, যোৱা এটা সপ্তাহে আৱদ্ধ হৈ আছে কয়লা ভৰ্তি ট্ৰাকসমূহ ৷

কিন্তু কিয় এটা নিদিষ্ট স্থানত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে এই ট্ৰাক সমূহ ? উল্লেখ্য যে, ৰাজ্য চৰকাৰে কয়লা ব্যৱসায়ীক অসমৰ বৈধ অনুজ্ঞাপত্ৰ(Registration of Contractors for transportation of coal)ৰ জৰিয়তেহে কয়লা সৰবৰাহ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sharma) ৷ এই সিদ্ধান্তৰ পাছতে নাগালেণ্ডত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে শতাধিক কয়লা ভৰ্তি ট্ৰাক(Coal-laden truck) ৷

এসপ্তাহ ধৰি কয়লা ভৰ্তি ট্ৰাক সমূহ এটা স্থানতে আৱদ্ধ হৈ পৰাত তীব্ৰ খাদ্য-সংকট আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱ হোৱা বুলিও প্ৰকাশ কৰিছে দুই শতাধিক ড্ৰাইভাৰ-হেণ্ডিমেনে ।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে নাগালেণ্ডত আৱদ্ধ শতাধিক কয়লা ভৰ্তি ট্ৰাক আৱদ্ধ

উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক অৰ্দ্ধ শতাধিক কয়লা ভৰ্তি ট্ৰাক চলাচল কৰি আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই কয়লা ব্যৱসায়ৰ লগত জড়িত হৈ আহিছে হালোৱাটিং, নগাঁও, আমগুৰি, যোৰহাট, মৰিয়নিৰ একাংশ ব্যৱসায়ী ৷

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ পৰা অসমৰ মাজেৰে কয়লাৰ অবৈধ ব্যৱসায়(Illegal Coal Transportation and business) চলাই গৈছিল স্থানীয় একাংশ কয়লা ব্যৱসায়ীয়ে । যাৰ বাবদ কোটি কোটি টকা ৰাজহ হেৰুৱাইছিল অসম চৰকাৰে (assam loses huge revenue) ৷ কেৱল সেয়াই নহয়, হালোৱাটিঙৰ লগতে মৰিয়নি হৈ অসমলৈ সৰবৰাহ হোৱা কয়লাৰ এক বৃহৎ চিণ্ডিকেট গঢ়লৈ উঠাৰো অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন সময়ত ৷

এনে অভিযোগৰ মাজতে অসমৰ চৰকাৰে লোৱা এটা কঠোৰ সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে কয়লা ব্যৱসায়ী সকলৰ মাজত ৷ একাংশ কয়লা ব্যৱসায়ীয়ে যে অবৈধ কয়লা সৰবৰাহ(Coal Smuggling) কৰি ৰাজহ ফাঁকিৰে ব্যৱসায় চলাই আছিল সেই কথাও প্ৰতিপন্ন কৰিলে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই ৷

লগতে পঢ়ক: Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.