ETV Bharat / state

কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা নিৰ্বাচনী বিষয়া তুলসী খনিকৰৰ পৰিয়াললৈ ১৫ লাখ টকাৰ সাহাৰ্য্য - অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী

কৰ্তব্যৰত অৱস্থাত আকস্মিকভাৱে মৃত্যু হোৱা নিৰ্বাচনী বিষয়াৰ পৰিয়াললৈ তৎকালীনভাৱে ১৫ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়াব বুলি ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে ৷ মৃত ব্য়ক্তিগৰকী সোণাৰি(চেপন) প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা মৰাণৰ সেউজপুৰ নিৱাসী তুলসী খনিকৰ বুলি জানিব পৰা গৈছে ৷

cm will give 15 lakh to tulsi khanikars family
প্ৰয়াত তুলসী খনিকৰৰ পৰিয়াললৈ ১৫ লাখ টকাৰ এককালীন সাহাৰ্য্য
author img

By

Published : Apr 9, 2021, 8:11 PM IST

মৰাণ,9 এপ্ৰিল : ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ১০৬ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪৭ নং শালকাঠনি বাগিচা প্ৰাথমিক বিদ্যালয়ত ভোট গ্ৰহণ চলি থকাৰ সময়তে কৰ্তব্যৰত অৱস্থাত আকস্মিকভাৱে মৃত্যু হয় এজন নিৰ্বাচনী বিষয়াৰ ৷ মৃত ব্য়ক্তিগৰকী সোণাৰি(চেপন) প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা মৰাণৰ সেউজপুৰ নিৱাসী তুলসী খনিকৰ বুলি জানিব পৰা গৈছে ৷ অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰয়াত তুলসী খনিকৰৰ পৰিয়াললৈ তৎকালীনভাৱে ১৫ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাবী কৰা অনুসৰি কেৱল এককালীন সাহাৰ্য্যই প্ৰয়াত খনিকৰৰ পৰিয়ালটোক ৰক্ষা কৰিব নোৱাৰে । যোগ্যতাৰ ভিত্তিত প্ৰয়াত খনিকৰৰ পৰিয়ালৰ এজনক উপযুক্ত পদত সংস্থাপিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ৰাজ্যিক সন্মিলনীয়ে ৷ উল্লেখ্য যে, কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰাণৰ তুলসী খনিকৰৰ পৰিয়াললৈ ১৫ লাখ টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ৰঙালীৰ ৰঙত জীপাল ডিব্ৰুগড়ৰ মহাবাহুৰ বালি চাপৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.