মৰাণ, ৪ ফেব্ৰুৱাৰী: ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে প্ৰতিটো ৰাজনৈতিক দল সমাগত নিৰ্বাচনক লৈ তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে । শাসক দল বিজেপিয়ে এখনৰ পাছত আন এখন সভা অনুষ্ঠিত কৰি থকাৰ মাজতে অহা ৯ ফেব্ৰুৱাৰীত মৰাণত পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হ'ব ।
জানিব পৰা মতে মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ নাওজান গাঁৱৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টি দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলন কাৰ্যসূচীৰ অংশস্বৰূপে অনুষ্ঠিত হ'বলগীয়া পৃষ্ঠা প্ৰমুখ সন্মিলন খনিত মুখ্যমন্ত্ৰী সোণোৱাল মুখ্য অতিথিৰূপে উপস্থিত থাকিব । উল্লেখ্য যে ইতিমধ্যে যুদ্ধকালীন গতিৰে উক্ত সন্মিলনীৰ বাবে সভাস্থলী প্ৰস্তুতিৰ কাম চলি আছে ।
বৃহস্পতিবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ সভাস্থলীত উপস্থিত হৈ সকলো প্ৰস্তুতিৰ বুজ লয় ।
লগতে পঢ়ক:ডিব্ৰুগড়ৰ লেকাইস্থিত ছলিড ৱেষ্ট প্লাণ্ট পৰিদৰ্শন উপায়ুক্তৰ