ETV Bharat / state

দুলীয়াজানত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ

author img

By

Published : Mar 16, 2021, 9:50 PM IST

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপিক সমালোচনা কৰি কয় যে, বিজেপিয়ে ৫ বছৰৰ আগত যি প্ৰতিশ্ৰুতি দি শাসনভাৰলৈ আহিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে ৷ বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যদিও আজিলৈকে প্ৰদান নকৰিলে ৷

CM of Chattisgarh campaign for Dhurbajyoti Gogoi the Congress candidate of Duliajan
দুলীয়াজানত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ ছট্টীশগড়ৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

দুলীয়াজান,16 মাৰ্চ: দুলীয়াজান বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈৰ হৈ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ দুলীয়াজানৰ ৰজাআলি চাহ বাগিচা খেলপথাৰত আয়োজিত এক বিশাল জনসভাত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বাঘেলে চাহ শ্ৰমিকৰ মাহিলী ৩৬৫ টকাকৈ মজুৰি প্ৰদান, ৫ লাখ নিবনুৱাক চাকৰি প্ৰদান, বিদ্যুতৰ মাচুল ২০০ ইউনিটলৈকে ৰেহাই, প্রতিগৰাকী গৃহিণীক মাহে ২০০০ টকাকৈ প্ৰদান কৰা কংগ্ৰেছ চৰকাৰৰ এই পাঁচটা গেৰাণ্টিৰ কথা জনসভাত উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ছত্তিশগড়ৰ লগত অসমৰ সু-সম্পৰ্কৰ কথা সভাত উল্লেখ কৰে ৷ তেওঁ বিজেপিক সমালোচনা কৰি কয় যে, বিজেপিয়ে ৫ বছৰৰ আগত যি প্ৰতিশ্ৰুতি দি শাসনভাৰলৈ আহিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে ৷ বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যদিও আজিলৈকে প্ৰদান নকৰিলে ৷

ব্ৰহ্মপুত্ৰৰ কাষেদি এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, সীমান্ত ছীল কৰা বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ মাজতেই থাকিল । গো-মাতাৰ লগতো বিজেপিয়ে ৰাজনীতি কৰিছে ৷ বৰ্তমান অসমৰ পৰাই সকলোতকৈ বেছি গৰু সৰবৰাহ হৈ আছে বুলি তেওঁ একপ্ৰকাৰে বিজেপি চৰকাৰক ভণ্ড চৰকাৰ বুলি কৈ দেশৰ লাভজনক উদ্যোগসমূহ বিজেপিয়ে বহিৰাগতক বিক্ৰী কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক: শদিয়াত বিজেপি প্ৰাৰ্থী বলীন চেতিয়াৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.