ডিব্ৰুগড়, 14 মে’: গুৱাহাটীৰ পাচতে ডিব্ৰুগড়ত অনিয়ন্ত্ৰিত হৈ পৰিছে ক'ভিড ৰোগীৰ সংখ্যা । ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই থাকিলে গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত সম্পূৰ্ণ লক ডাউনৰ দৰে কঠোৰ সিদ্ধান্ত চৰকাৰে ল'ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী দায়িত্ব লাভ কৰাৰ পাছতে শনিবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় উপস্থিত হৈ ক'ভিড পৰিস্থিতি বুজ ল'ব । মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ অহাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াই, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ও মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই এক আলোচনাত মিলিত হয় ৷ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ ক'ভিড পৰিস্থিতিৰ বিষয়েও আলোচনা কৰে ।
লগতে পঢ়ক: ক’ভিড পৰিস্থিতি বুজ ল’বলৈ ধেমাজিত উপস্থিত মন্ত্ৰী ডাঃ ৰণোজ পেগু