মৰাণ,27 ডিচেম্বৰ : প্ৰচণ্ড শীতত পদপথত আশ্ৰয় লোৱা আৰ্তজনৰ মাজত গৰম কাপোৰ বিতৰণ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে বিজেপিৰ ডিব্ৰুগড় জিলা সংখ্যালঘু মৰ্চাই । শনিবাৰে নিশা ডিব্ৰুগড় জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি ৰেহান আহমেদৰ নেতৃত্বত পদপথত নিশা কটোৱা লোকসকলক কম্বল আৰু মোজা বিতৰণ কৰা হয় ।
প্ৰচণ্ড শীতৰ পৰা পদপথৰ লোকসকলক পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যৰে বিজেপি সংখ্যালঘু মৰ্চাই হাতত লৈছে এই পদক্ষেপ ৷ উক্ত বিতৰণ কাৰ্যসূচীত বিজেপি সংখ্যালঘু মৰ্চাৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে সহযোগিতা আগবঢ়ায়।
লগতে পঢ়ক : আজমলৰ শিশু কল্যাণ গৃহৰ পৰা 3 শতাধিক শিশু অন্তৰ্ধানৰ অভিযোগ