ETV Bharat / state

ডিব্ৰুগড়ত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ৰাজহ চক্ৰ বিষয়াৰ

author img

By

Published : Jul 2, 2021, 11:43 AM IST

ডিব্ৰুগড়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ৰোগীৰ স্বাস্থ্য বুজ লৈছে চক্ৰ বিষয়াসকলে ৷ বৃহস্পতিবাৰে নিজ নিজ ৰাজহ চক্ৰৰ অধীনৰ ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজহ চক্ৰ বিষয়াসকলে । ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি চক্ৰ বিষয়াসকলে ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় । কেন্দ্ৰসমূহত নূন্যতম সা-সুবিধা প্ৰদান কৰা হৈছে নে নাই সেয়াও নিৰীক্ষণ কৰে ।

Circle officers of Dibrugarh district visited covid care centres
ডিব্ৰুগড়ত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ৰাজহ চক্ৰ বিষয়াৰ

মৰাণ, ২ জুলাই : বৰ্তমানেও অপৰিৱৰ্তিত অৱস্থাতে আছে ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি । জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাই আছে যদিও সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা নাই । ক'ভিড-১৯ (COVID-19)ৰ সংক্ৰমণৰ লগতে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (AMCH) ব্লেক ফাংগাছ (BLACK FUNGUS)ত আক্ৰান্ত হৈয়ো ৰোগীৰ মৃত্যু হৈছে । লগতে জিলাখনত ক্ৰমাৎ ক'ভিডত আক্ৰান্ত হোৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে ।

এনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অধিক তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন । বৃহস্পতিবাৰে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকলে তেওঁলোকৰ ৰাজহ চক্ৰৰ অন্তর্ভুক্ত ক'ভিড কেয়াৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে । লগতে ক'ভিড কেয়াৰ কেন্দ্ৰসমূহ চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় । কেন্দ্ৰসমূহত নূন্যতম সা-সুবিধা প্ৰদান কৰা হৈছে নে নাই আৰু কেন্দ্ৰবোৰ কেনেদৰে পৰিচালনা কৰা হৈছে সেয়াও নিৰীক্ষণ কৰে ।

আনহাতে, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ লোক এতিয়াও সজাগ হোৱা নাই । ৰাইজৰ অসচেতনতাৰ বাবেই ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি অধিক ভয়াৱহ হৈ গৈ আছে ।

উল্লেখ্য যে, ব্লেক ফাংগাছত (Black Fungus)ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে লখিমপুৰৰ সুভাষ চাহু নামৰ এজন লোকৰ মৃত্যু হয় । সুভাষ চাহু বিগত ১৫ দিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (AMCH) ত চিকিৎসাধীন হৈ আছিল । ক'ভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাছতে লোকজন ব্লেক ফাংগাছ (Black Fungus)ত আক্ৰান্ত হয় ৷ ইফালে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে ডিব্ৰুগড় জিলাত ।

জিলাখনত টীকাকৰণ অভিযান অব্যাহত আছে যদিও হ্ৰাস পোৱা নাই সংক্ৰমণৰ হাৰ । মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ পাছতো গা লৰা নাই একাংশৰ । সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা আদিৰ বাবে এতিয়াও আহ্বান জনাবলগীয়া হয় এইসকল অসচেতন লোকক ।

লগতে পঢ়ক:ডিব্ৰুগড়ত জল জীৱন আচঁনি কাৰ্যকৰী কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.