ETV Bharat / state

Vishal Mega Mart Cheating : মৰাণৰ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

author img

By

Published : Oct 30, 2022, 3:51 PM IST

Updated : Oct 31, 2022, 3:19 PM IST

মৰাণৰ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ গুৰুতৰ অভিযোগ (cheating charges against Maran Vishal Mega Mart) । একেটা সামগ্ৰীৰ বাবে দুবাৰকৈ ধন লোৱাৰ অভিযোগ মৰাণৰ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে ।

Moran
Moran

মৰাণ, ৩০ অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা ছুপাৰ মাৰ্কেটত পৰিয়ালক লৈ বজাৰ কৰাৰ সকলোৰে হাবিয়াস থাকে । কিন্তু বিশাল মেগা মাৰ্টত বজাৰ কৰোঁতে সকলোৱে সাৱধান হওক (Shopping at shopping Malls) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশাল মেগা মাৰ্টে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে আজি মৰাণত মৰাণ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে গ্ৰাহকে উত্থাপন কৰিলে আন গুৰুতৰ অভিযোগ (cheating charges against Maran Vishal Mega Mart) ।

মৰাণৰ বিশাল মেগা মাৰ্ট (Vishal Mega Mart) কৰ্তৃপক্ষই একেটা সামগ্ৰীৰ পৰা দুবাৰকৈ ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে । মৰাণৰ ৰাইদাঙৰ সঞ্জীৱ শৰ্মা নামৰ এজন ব্যক্তিয়ে পৰিয়ালৰ সৈতে আজি বজাৰ কৰিছিল মৰাণৰ বিশাল মেগা মাৰ্টত । সামগ্ৰী ক্ৰয় কৰি ধন প্ৰদানৰ ৰচিদ চাই গম পালে তেওঁৰ এটা কাপোৰৰ বাবে দুবাৰকৈ ধন ল'লে বিশাল মেগা মাৰ্টে (cheating allegation against Vishal Mega Mart) ।

তেওঁ এই কথা বিশাল মেগা মাৰ্টৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত কিন্তু দায়সৰা মন্তব্য দিয়ে বিশাল মেগা মাৰ্ট কৰ্তৃপক্ষই । কিন্তু বিশাল কৰ্তৃপক্ষৰ মন্তব্যত ক্ষোভিত হৈ পৰে গ্ৰাহকজন । গ্ৰাহকজনৰ অভিযোগ বিশাল মেগা মাৰ্টে পৰিকল্পিতভাৱে একেটা সামগ্ৰীৰ পৰা দুবাৰকৈ ধন লয় । এই ঘটনাই বিশাল মেগা মাৰ্টত বহু সময় ধৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । উল্লেখ্য, পূৰ্বতেও মৰাণ বিশাল মেগা মাৰ্টত এইদৰে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ নজিৰ আছে । বিশাল মেগা মাৰ্টে গ্ৰাহকক পুনৰ অতিৰিক্ত ধন ঘূৰাই দি নিজৰ ভুল স্বীকাৰ কৰে যদিও মৰাণ বিশাল মেগা মাৰ্টত বহু সময় ধৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

মৰাণৰ বিশাল মেগা মাৰ্টৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

উল্লেখ্য, যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা ছুপাৰ মাৰ্কেটসমূহে সময়ে সময়ে গ্ৰাহকক ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । খোদ গুৱাহাটী মহানগৰীতে এনে ধৰণৰ কেইবাটাও অভিযোগ উত্থাপিত হৈছে । বহু ক্ষেত্ৰত গ্ৰাহক আৰু কৰ্তৃপক্ষৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈছে । অতিৰিক্ত দীঘলভাৱে বিল বনাই একেটা সামগ্ৰীৰ পৰা দুবাৰকৈ ধন সংগ্ৰহ, অতিৰিক্ত কৰ সংগ্ৰহ আদিৰ দৰে ঘটনাও সংঘটিত হৈছে । সেয়েহে এনে ধৰণৰ শ্বপিং মলসমূহৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সাৱধানতাৰে বিল পৰীক্ষা কৰিবলৈ সচেতন লোকসকলে পৰামৰ্শ প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক :Kabadi player Sandeep Nangal murder : ফেচবুক লাইভযোগে স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

Last Updated : Oct 31, 2022, 3:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.