ETV Bharat / state

চৰাইদেউত ক'ভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন

author img

By

Published : Jul 14, 2021, 2:31 PM IST

ক'ভিড(Covid) নীতি (SOP) ভংগকাৰীৰ বিৰুদ্ধে চৰাইদেউ জিলাত কঠোৰ ব্যৱস্থা গ্ৰহণ চৰাইদেউ আৰক্ষী-প্ৰশাসনৰ ৷ আগন্তুক 7 দিনৰ বাবে ক’ভিড পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰাখিব কৰিছে চৰাইদেউ জিলা প্ৰশাসন(Charaideo District Administration)এ ।

charaideo-police-taking-strict-action-against-covid-protocol-breakers
চৰাইদেউত ক'ভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ জিলা প্ৰশাসন

মৰাণ, 14 জুলাই : অসম-নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমাত থকা চৰাইদেউ জিলাত কঠোৰ হৈছে চৰাইদেউ আৰক্ষী-প্ৰশাসন ৷ ক'ভিড (Covid) নীতি (SOP) ভংগকাৰীৰ পিঠিত পৰিছে আৰক্ষীৰ কোব ৷ লগতে ব্যাপক হাৰত জৰিমণা বিহিছে আৰক্ষীয়ে ৷ জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ বাবে চৰকাৰে জাৰি কৰা SOPত বিয়লি 4 বজালৈকে দোকান-পোহাৰ, বজাৰ আদি খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷

কিন্তু একাংশ অসচেতন তথা নিময় উলংঘনকাৰীৰ বাবে দৈনিক ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সমগ্ৰ চৰাইদেউ জিলাত । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জৰুৰী সভা অনুষ্ঠিত কৰি আগন্তুক 7 দিনৰ বাবে ক’ভিড পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰখাৰ কথা উল্লেখ কৰিছে চৰাইদেউ জিলা প্ৰশাসন (Charaideo District Administration)এ ।

অসম-নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমাত থকা চৰাইদেউ জিলাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৰোধ কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড সীমান্তত ক’ভিড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগক । মন কৰিবলগীয়া যে, চৰাইদেউ জিলাৰ মূল বাণিজ্যিক কেন্দ্ৰ তথা জিলাখনৰ সোণাৰিত বহু লোকে দৈনিক অভাৱনীয়ভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইয়াৰে একাংশ লোকে ক’ভিড সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা SOP সম্পূৰ্ণ ৰূপে উলংঘা কৰি আহিছে ৷ সেয়েহে মঙলবাৰে চৰাইদেউ জিলা প্ৰশাসনৰ তত্বাৱধানত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা, মটৰ চাইকেলত দুজন আৰোহী উঠা, সামাজিক দুৰত্ব বৰ্তাই নৰখা, ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু দোকানসমূহত ক’ভিডৰ নীতি-নিৰ্দেশনা উলংঘন কৰাৰ বাবে ব্যাপক হাৰত জৰিমণা বিহা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি, একাংশ মাস্ক পৰিধান নকৰা লোকক সোণাৰিত লাঠিৰে কোব শোধাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক : সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.