মৰাণ,১৩ মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী । প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত উঠিছে । মৰাণত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ । বিধায়ক চক্ৰধৰ গগৈয়ে দ্বিতীয়বাৰৰ বাবে বিজেপিৰ পৰা টিকট লাভ কৰি আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ । বিধায়কগৰাকীক লৈ দলীয় কৰ্মী আৰু সমষ্টিৰ ৰাইজৰ মাজতো উৎসাহ দেখিবলৈ পোৱা গৈছে ।
সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে শনিবাৰে হালধিবাৰী গাওঁ পঞ্চায়তত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । স্থানীয় ৰাইজে প্ৰাৰ্থীগৰাকীক গায়ন-বায়নেৰে উষ্ম আদৰণি জনায় । এই সভাতে বহু লোকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । উল্লেখযোগ্য যে, শনিবাৰে এই নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি আৰু অসম গণ পৰিষদৰ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিতি থাকি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলায় ।