চাবুৱা, 9 ডিচেম্বৰঃ ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ জাতি ৰক্ষাৰ স্বাৰ্থত মাৰ বান্ধি ওলাই আহিছে প্ৰতিজন খিলঞ্জীয়া ৷ সমান্তৰালকৈ চাবুৱাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে অট’ চলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য় যে, সোমবাৰে লোকসভাত উত্থাপিত হ’বলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ এদিন পূৰ্বে মুকালমুৱাস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত অট’ চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে কেব বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীৰ দলটোৱে ৷