ETV Bharat / state

ডিব্ৰুগড়ৰ শেহতীয়া পৰিস্থিতি বুজ ললে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে - প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে

ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালকলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ফোন,ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল'লে ডিব্ৰুগড় ক'ৰ'ণা মুক্তত সুখী কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ৷

A DIB CENTRAL HEALTH MINISTER CALL_7203913
ডিব্ৰুগড়ৰ শেহতীয়া পৰিস্থিতি বুজ ললেঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে
author img

By

Published : Apr 28, 2020, 2:03 PM IST

ডিব্ৰুগড় 28 এপ্ৰিলঃ ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ পোনপটীয়া ফোন কল। ক'ৰণাৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ কাম কাজক লৈ সন্তুষ্ট কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন। স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈৰ নেতৃত্বত কোভিড-19 প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা শেহতীয়া কাম কাজক লৈ ফোনযোগে কথা পাতি বুজ ল'লে কৰ'ণাৰ সম্পৰ্কে সামগ্ৰিক পৰিস্থিতিৰ। ডিব্ৰুগড় বৰ্তমানেও কৰ'ণাৰ পৰা মুক্ত বুলি জানিবলৈ পাই যথেষ্ট সুখী হয় স্বাস্থ্য মন্ত্ৰী গৰাকী।

ডিব্ৰুগড়ৰ শেহতীয়া পৰিস্থিতি বুজ ললেঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে

তেওঁ লগতে ডিব্ৰুগড়ৰ স্বাস্থ্য খণ্ডত কৰ'ণাৰ বিৰুদ্ধে অভিযানত স্বাস্থ্যজনিত সামগ্ৰী যোগানৰ প্ৰয়োজনীয়তা সম্পৰ্কে খবৰ লৈ যোগন ধৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । উল্লেখ যে মন্ত্ৰী হৰ্ষ বৰ্ধনৰ লগতে জেনেৰেল ভি কে সিঙেও খবৰ লয় ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিস্থিতিৰ স্বাস্থ্য সঞ্চালক গৰাকীৰ পৰা ফোনযোগে । ইপিনে নিজৰ জীৱনক তুচ্ছ কৰি ডিব্ৰুগড়ক কোভিড মুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা স্বাস্থ্য সঞ্চালক গৰাকীলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ফোন যোগে এইদৰে শলাগ লোৱাৰ লগতে তেওঁৰ ব্যক্তিগত আৰু আন স্বাস্থ্য কৰ্মীৰ স্বাস্থ্যৰ বুজ লয় । যি এনে পৰিস্থিতিত স্বাভাৱিকতে এক চিকিৎসাকৰ্মী সকলৰ বাবে উৎসাহজনক বাৰ্তা।

লগতে পঢকঃ টিপুক চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.