ETV Bharat / state

উত্তৰ পূৱক দিল্লীৰে সংযোগ কৰাৰ মোদী চৰকাৰৰ বিশেষ পৰিকল্পনা !

শুকুৰবাৰে বগীবিল দলঙত উপস্থিত হয় কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ আংগাড়ী ৷ 2022 চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত ৰেলৰ সম্প্ৰসাৰণ আৰু অৱশিষ্ট সকলোবোৰ কামেই সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Sep 21, 2019, 11:30 AM IST

বগীবিল দলঙৰ সন্মুখত কেন্দ্ৰীয় ৰেলমন্ত্ৰী সুৰেশ আংগাড়ী

ডিব্ৰুগড়, 20 চেপ্তেম্বৰঃ সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাই গীতত উল্লেখ কৰা ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশক ৰেল' সম্প্ৰসাৰণৰে মূল ভূ-খণ্ডৰ সৈতে জড়িত কৰাৰ উদ্দেশ্যে তৎপৰ হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ বগীবিল দলঙত উপস্থিত হৈ বগীবিল দলঙৰে উত্তৰ-পূৰ্বাঞ্চলক ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাক সদৰি কৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰী সুৰেশ আংগাড়ীয়ে ৷ আগন্তুক 2022 চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত ৰেলৰ সম্প্ৰসাৰণ আৰু অৱশিষ্ট সকলোবোৰ কামেই সম্পূৰ্ণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্ৰ্বাঞ্চলক বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

উত্তৰ পূৱক দিল্লীৰে সংযোগ কৰাৰ মোদী চৰকাৰৰ বিশেষ পৰিকল্পনা !

ইপিনে,বগীবিলৰ নিৰ্মাণকাৰ্য দেখি অভিভূত হৈ পৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকী ৷ দেশবাসীক এনেধৰণৰ প্ৰকল্প উপহাৰ দিয়াৰ বাবে নিৰ্মাণ কাৰ্যত নিয়োজিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে,ৰাঁচীত ব্ৰিটিছে এশ বছৰ পূৰ্বে নিৰ্মাণ কৰা দলঙৰ তুলনাত অধিক উন্নত বুলিও প্ৰশংসা কৰে ৷

মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কাৰ্যসূচীত তেখেতক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধকৰ লগতে অন্যান্য উচ্চস্তৰীয় বিষয়াই ৷ ইয়াৰ পাচতেই মন্ত্ৰীগৰাকী ৰাওনা হয় অৰুণাচল প্ৰদেশলৈ ৷

Intro:উত্তৰ পূৰ্বাঞ্চলৰ আঠ ভনীক বগীবিল দলঙেৰে দেশৰ ৰাজধানী দিল্লীৰ সৈতে সংযোগৰ ঘোষণা ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী সুৰেশ চি আংগাৰীৰ।

আজি ডিব্ৰুগড়ৰ বগীবিল দলং প্ৰকল্পত উপস্থিত কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী সুৰেশ চি অংগাৰীয়ে কৰে এই ঘোষণা। বগীবিল দলং পৰিদৰ্শন কৰি উত্তৰ-পূবৰ ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণ কৰি দিল্লীৰ সৈতে যোগাযোগ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ মন্ত্ৰী গৰাকীৰ।
তেওঁ লগতে জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল সেৱাৰ ক্ষেত্ৰত
উত্তৰ পূৰ্বাঞ্চলক special care দিয়াবলৈ নিৰ্দেশ দিছে।সেই উদেশ্যৰে বগীবিল দলং ভ্ৰমণেৰে মন্ত্ৰী গৰাকীয়ে অৰুণাচলত এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।
বগীবিল দলঙেৰে দীৰ্ঘ দূৰত্বৰ ৰেল সেৱাৰে উত্তৰ পূৰ্বাঞ্চলৰত যোগাযোগৰ নতুন দিগন্ত সূচনা কৰা হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে।2022 লৈকে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলসেৱা উন্নত, সম্প্ৰসাৰণৰ অৱশিষ্ট সকলো কাম সম্পূৰ্ণ কৰি তুলি আঠ ভগ্নীক দিল্লীৰ সৈতে সংযোগ কৰি পেলোৱা হ'ব,এই ভ্ৰমণত ক'লে কেন্দ্ৰীয় ৰেল মন্ত্ৰী গৰাকীয়ে।বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য দেখি অভিভূত হৈ পৰা মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী,আৰু নিৰ্মাণ কাৰ্য সফল কৰি তোলা প্ৰতিজনক জনাই ধন্যবাদ।তেওঁ গৰ্বিত, দেশৰ লোকে এনে প্ৰকল্প সফল কৰাত।
ব্ৰিটিছে ৰাচিঁত এশ বছৰ পূৰ্বে (1911) সজা এখন দলঙৰ তুলনা কৰি কয় এই বগীবিল দলং তাতকৈও উন্নত।

এই ভ্ৰমণ কাৰ্যসূচীত ৰে'লৱেৰ মহা প্ৰতিবন্ধক, সহ ৰে'লৱেৰ উচ্চ পদস্ত বিষয়াৰে সৈতে মন্ত্ৰী গৰাকীয়ে আগন্তুক পৰিকল্পনাৰ সবিশেষ ক্ষেত্ৰভিত্তিক ভাৱে অধ্যয়ন কৰি অৰুণাচললৈ ৰাওনা হয়।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.