ETV Bharat / state

নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ দাবী আছুৰ - ক’লা বজাৰ

ৰাজ্যত এতিয়া ব্যাপক হাৰত সাৰৰ নাটনিৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু নামৰূপতে আছে সাৰ কাৰখানা ৷ উৎপাদন কৰিবলৈ অক্ষম হৈ আছে উদ্যোগতো ৷ এই সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত মুখ খুলিছে সদৌ অসম ছাত্ৰ-সন্থাই ৷ উদোগটো পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী উত্থাপন সংগঠনটোৰ ৷ এলানি প্ৰতিবাদী কাৰ্যসূচীও ঘোষণা কৰিছে সংগঠনটোৱে ৷

নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 12, 2021, 10:30 PM IST

মৰাণ, 12 আগষ্ট : এটা যুগৰ অধিক সময় কেৱল প্ৰতিশ্ৰুতিৰ ফুলজাৰিত আৱদ্ধ হৈ থাকিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বিষয়টো । হ'ব, হৈ আছে, হৈ যাব ইত্যাদি বিভিন্ন ধৰণৰ প্ৰলোভনেৰে আজিলৈকে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটোক লৈ প্ৰতিশ্ৰুতিৰ ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে । প্ৰকৃতাৰ্থত হাতে কামে লাগি কোনো পদক্ষেপ হাতত নোলোৱাত এতিয়া ক্ষুন্ন হৈ পৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ।

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা হৈছে নামৰূপ সাৰ কাৰখানা । কৃষকৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰি অহা নামৰূপ সাৰ কাৰখানাৰ প্ৰথম আৰু দ্বিতীয় গোট দুটা বন্ধ হৈ আছে ৷ ইপিনে মৃতপ্ৰায় সাৰ উদ্যোগটোৰ তৃতীয় গোটটোৱে বৰ্তমান সময়ত পৰ্যাপ্ত পৰিমাণৰ সাৰ উৎপাদন কৰিব পৰা নাই আৰু সেইবাবে অসমৰ বজাৰত সাৰৰ অভাৱ পৰিলক্ষিত হৈছে ৷

তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এক সংবাদমেলৰ আয়োজন কৰে ৷ ছাত্ৰ সংগঠনটোৱে সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন নোহোৱাৰ বাবে অসমত সৃষ্টি হোৱা সাৰৰ ক’লা বজাৰৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী ছাত্ৰ সন্থাৰ

সংগঠনটোৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে, অসমত বছৰি ৫/৫.৩০ মেট্ৰিক টনৰ এখন সাৰৰ বজাৰ আছে ৷ নামৰূপ সাৰ কাৰখানাৰ বৰ্তমানৰ উৎপাদন দি অহা তৃতীয় গোটে সেই সাৰৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে ২৫০ টকাৰ ইউৰিয়া বৰ্তমান বজাৰত ৬০০-৭০০ টকাত এটা অসাধু চক্ৰই বিক্ৰী কৰি আহিছে ৷ যাৰ ফলত বছৰি ২৫০ কোটি টকাৰ এখন ক'লা বজাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ লাভলীনাক তিনি লাখ টকাৰ চেক অৰ্পণ অসম প্ৰদেশ কংগ্ৰেছৰ

সংগঠনটোৱে সংবাদমেলত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন আৰু সাৰৰ ক'লা বজাৰখন বন্ধ কৰিবৰ বাবে এলানি কাৰ্যসূচী ঘোষণা কৰে ৷ ১৪ আগষ্টৰ পুৱা ৬ বজাৰ পৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকমুহূৰ্তলৈকে অনশন কাৰ্যসূচী ৷ ২৫ আগষ্টত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণৰ কথাও তেওঁলোকে প্ৰকাশ কৰে ৷

অসমৰ প্ৰতিজন সাংসদক সাৰ কাৰখানাৰ চতুৰ্থ গোট সন্দৰ্ভত সাক্ষাৎ কৰাৰ লগতে কেন্দ্ৰীয় সাৰ মন্ত্ৰীক সাক্ষাৎ আৰু ইয়াৰ পাছত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কথা এই সংবাদ মেলত ঘোষণা কৰে সংগঠনটোৰ নেতৃত্বই ৷ সংগঠনটোৱে সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কটাক্ষ কৰি কয় য়ে, মুখ্যমন্ত্ৰী হৈ থাকোতে নামৰূপ সাৰ কাৰখানাক লৈ একো এটা কাম নকৰিলে গতিকে বৰ্তমান পুনৰ কেন্দ্ৰীয় হৈ থকাৰ সময়ত নামৰূপ সাৰ কাৰখানাক লৈ মাত মাতি প্ৰায়শ্চিত্ত কৰক সোণোৱালে ।

ইফালে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৱে সাৰ কাৰখানাৰ চতুৰ্থ গোট সন্দৰ্ভত কথাৰ সলনি কাম কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷ সংবাদ মেলত সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক টচেন ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক অনিল গগৈ আৰু জিলা সভাপতি বুলবুল দত্ত উপস্থিত থাকে ৷

লগতে পঢ়কঃ বক্সিং ৰাণীক আদৰিবলৈ উদুলি মুদুলি বাৰমুখীয়া গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.