ETV Bharat / state

ডিব্ৰুগড়ত বিপদ সীমাৰ ওপৰেৰে বৈছে মহাবাহু

author img

By

Published : Aug 29, 2021, 5:52 PM IST

অসমৰ প্ৰায় ১৫ খন জিলা এতিয়া বানৰ কৱলত । ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ । জিলাখনৰ বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলাইছে ।

Assam flood
ডিব্ৰুগড়ত বিপদ সীমাৰ ওপৰেৰে বৈছে মহাবাহু

ডিব্ৰুগড়, ২৯ আগষ্ট : ৰাজ্যত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (Assam State Disaster Management) কৰ্তৃপক্ষৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ ১৫ খন জিলাৰ মুঠ ২,২৫,৫০১ গৰাকী লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । এই ক্ষতিগ্ৰস্ত ১৫ খন জিলাৰ ভিতৰত অন্যতম ডিব্ৰুগড় ।

ডিব্ৰুগড়ত হঠাৎ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি হৈছে । দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ পানী ১০৫.৫ মি: বিপদসীমাৰ ওপৰেৰে বৈছে । পুৱাৰ ভাগত জলপৃষ্ঠ আছিল ১০৫.৭১ মি: । লগে লগে জিলাখনত হাই এলাৰ্ট জাৰি কৰা হৈছে ।

ইতিমধ্যে ডিব্ৰুগড় চহৰৰ দাঁতি কাষৰীয়া মাইজান, মোহনাঘাট, লেজাই, কলাখোৱা আদি বৃহৎ অঞ্চল পানীত ডুব গৈছে । ভদীয়া বানৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি এতিয়া পানীৰ তলত । ডিব্ৰুগড় চাপৰি অঞ্চলত হঠাৎ আবদ্ধ হৈ পৰিছে শ শ পৰিয়াল ।

ইফালে জিলাখনৰ এনে পৰিস্থিতিত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বিভিন্ন স্থানলৈ গৈ বান পীড়িত লোকৰ খবৰ লোৱা দেখা গৈছে । জিলা প্ৰশাসনৰ সৈতে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভিন্ন অঞ্চললৈ প্ৰশাসনক খাদ্য সামগ্ৰী প্ৰেৰণৰ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে । আনহাতে গোলাঘাট,বিশ্বনাথ আদি জিলাও বানত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে ।

দেৰগাঁৱৰ এবানি,জৰিগুৰি,ডুবি গাঁও, চৰাই চাপৰি, শগুনপাৰাকে আদি কৰি দহ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে । বহু পৰিয়ালৰ বাসগৃহ এতিয়া পানীৰ তলত । পশুধনক লৈও হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বানপীড়িত লোকসকলৰ ।

বিশ্বনাথ জিলাৰ গহপুৰ দক্ষিণাঞ্চলৰ টলটলী,বৰদলনী,গোপালজাৰনি,ঠুটে চাপৰিকে ধৰি কুৰিৰো অধিক গাঁও এতিয়া জলমগ্ন হৈ পৰিছে । নিশাৰ ভিতৰতে বিস্তীৰ্ণ অঞ্চল বানে বুৰাই পেলাইছে । লগে লগে আশ্ৰয় বিচাৰি হাজাৰ হাজাৰ লোক নিৰাপদ স্থানলৈ গমন কৰিছে । মুঠতে ভদীয়া বানে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অসমতে ।

লগতে পঢ়ক : এতিয়াৰে পৰা কাজিৰঙাৰে পাৰ হোৱা তীব্ৰবেগী বাহনে ভৰিব লাগিব জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.