ETV Bharat / state

বি চি পি এলৰ পৰিচালক সঞ্চালক হিচাপে নিযুক্তি পালে এজন অসমীয়াই

author img

By

Published : Feb 3, 2020, 8:25 PM IST

বি চি পি এলৰ পৰিচালক সঞ্চালক হিচাপে যোগদান কৰিছে ৰীপ হাজৰিকাই ৷ ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড়বাসী ৷ দেওবাৰে ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভা কক্ষত উষ্ম আদৰণি জনোৱা হয় নৱ নিযুক্ত পৰিচালক সঞ্চালকজনক ৷

BPCL Dibrugarh new managing director appointment
বি চি পি এলৰ পৰিচালক সঞ্চালক হিচাপে নিযুক্তি পালে এজন অসমীয়াই

ডিব্ৰুগড়,3 ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(বি চি পি এল)ৰ প্ৰথমজন অসমীয়া পৰিচালক সঞ্চালক হিচাপে নিযুক্তি পালে ৰীপ হাজৰিকাই ৷ ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড়বাসী ৷ দেওবাৰে ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভা কক্ষত উষ্ম আদৰণি জনোৱা হয় নৱ নিযুক্ত পৰিচালক সঞ্চালকজনক ৷ কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ শশীকান্ত শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয় খনৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ, ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে অনুষ্ঠানিক ভাৱে স্বাগতম জনাই নৱ নিযুক্তি বিষয়া জনক ৷

বি চি পি এলৰ পৰিচালক সঞ্চালক হিচাপে নিযুক্তি ৰীপ হাজৰিকাৰ

উল্লেখ্য যে, দ্বায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰকল্পটোৰ উন্নয়ন আৰু অধিক কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব দিয়া বুলি প্ৰকাশ কৰে নৱ নিযুক্ত পৰিচালক সঞ্চালক ৰীপ হাজৰিকাই ৷ তেখেতে জনায় যে, বছৰি 2.40 লাখ টন পলিমাৰ প্ৰকল্পটোত উৎপাদন কৰা হৈছে আৰু ইয়াক 100% বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে । উৎপাদিত পলিমাৰৰ দহ শতাংশহে ৰাজ্যত ব্যৱহৃত হয় বাকী ৰাজ্যৰ বাহিৰলৈ গুচি যায় । যদি এই পলিমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে থকাকৈ ভটিয়নি উদ্যোগ গঢ় লৈ উঠে তেন্তে স্বাভাৱিকতেই কিছু পৰিমাণে নিবনুৱা সমস্যা দূৰ হ'ব । তেওঁ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক-বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি সভাপতিৰ পদ অৰ্পণ কুলধৰ শইকীয়ালৈ

Intro:বি চি পি এলৰ প্ৰথমজন অসমীয়া পৰিচালন সঞ্চালক হিচাপে ৰীপ হাজৰিকাক পাই উৎফুল্লিত ডিব্ৰুগড়,
সাহিত্য সভা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ,ঐতিহাসিক কানৈ মহাবিদ্যালয়, কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন সহ প্ৰায় একুৰিৰো অধিক অনুষ্ঠানৰ উষ্ম আদৰণিৰে সম্বৰ্ধিত ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ নৱ নিযুক্ত পৰিচালন সঞ্চালকজন ডিব্ৰুগড়ত।

Body:অসম বাসীৰ সপোনৰ প্ৰকল্প ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(বি চি পি এল) চমুকৈ গেছ ক্ৰেকাৰ প্ৰকল্পত প্ৰথমজন অসমীয়া পৰিচালন সঞ্চালক হিচাপে ৰীপ হাজৰিকাক নিযুক্তি দিয়াৰ পাছতেই স্বাভাৱিকতেই উৎফুল্লিত ডিব্ৰুগড়বাসী, উষ্ম আদৰণি বিষয়া জনলৈ একুৰিৰো অধিক অনুষ্ঠান,সংগঠনৰ দ্বাৰা জনোৱা হ'ল সম্বৰ্দ্ধনা।
সাহিত্য সভা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ,ঐতিহাসিক কানৈ মহাবিদ্যালয় আৰু কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন,অনুষ্ঠান আৰু ব্যক্তি বিশেষৰ সম্বৰ্দ্ধনাৰে
দেওবাৰে উষ্ম আদৰণি জনোৱা হয় ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ প্ৰথমজন অসমীয়া পৰিচালন সঞ্চালকক।ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভা কক্ষত। দেওবাৰে প্ৰায় সন্ধিয়ালৈ এক সম্বৰ্দ্ধনা অনুষ্ঠানত যোগে বিপুল আদৰণি জনোৱা হয় অসম চুক্তিৰ আধাৰত ডিব্ৰুগড়ৰ লেপেটকতাত স্থাপিত ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ বিষয়া জনক।
দীৰ্ঘকাল ধৰি প্ৰকল্পত অনা অসমীয়া লবিৰ দপদপনি আৰু প্ৰকল্পত নিয়োগৰ ক্ষেত্ৰত অসমীয়াক বঞ্চনাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে ৰীপ হাজৰিকাক ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ প্ৰথমজন অসমীয়া হিচাপে মুখ্য দ্বায়িত্ব প্ৰদান কৰাত একপ্ৰকাৰ আনন্দিত ৰাজ্যত বহু জন।কানৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড' শশীকান্ত শইকীয়াৰ বিশেষ নেতৃত্বত মহাবিদ্যালয় খনৰ লগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ,ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত

আজি এই সম্বৰ্দ্ধনা অনুষ্ঠানত অসমীয়াৰ আদৰৰ প্ৰতীক গামোচা,চেলেং চাদৰ, জাপি সম্বৰ্দ্ধনা পত্ৰ সহ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱে অনুষ্ঠানিক ভাৱে স্বাগতম জনাই নৱ নিযুক্তি বিষয়া জনক।লগতে আন অনুষ্ঠান সংগঠন সমূহেও সম্বৰ্দ্ধনা পত্ৰ, গামোচা ইত্যাদিৰে সম্বৰ্ধিত কৰে তেওঁক।
উল্লেখ যে দ্বায়িত্বভাৰ গ্ৰহণ কৰি প্ৰকল্পৰ উন্নয়ন আৰু অধিক কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিলে সঞ্চালক জনে সংবাদ মাধ্যমৰ আগত।তেওঁ লগতে নিজৰ চমু ভাষণত জানিবলৈ দিয়ে যে বছৰি 2.40 লাখ টন পলিমাৰ প্ৰকল্পটোত উৎপাদন কৰা হৈছে আৰু ইয়াক 100% বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে।তেওঁ কয় উৎপাদিত পলিমাৰৰ দহ শতাংশহে ৰাজ্যত ব্যৱহৃত হয় বাকী ৰাজ্যৰ বাহিৰলৈ গুচি যায়।যদি এই পলিমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে থকাকৈ ভটিয়নি উদ্যোগ গঢ় লৈ উঠে তেন্তে স্বাভাৱিকতেই কিছু পৰিমাণে নিবনুৱা সমস্যা দূৰ হ'ব।তেওঁ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলিও আশ্বাস দিলে এই অনুষ্ঠানৰ বক্তব্যত।

byte:REEP HAZARIKA
NEW MD BCPL

Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.