মৰাণ, 6 নৱেম্বৰ : বাৰিষা বানে ধোৱা বহু পথাৰত এতিয়া কৃষক ব্যস্ত হৈ পৰিছে বৰো ধানৰ খেতি কৰাত ৷ ৰাজ্যৰ বিভিন্ন স্থানত বাৰিষা বানে শালি খেতি উটুৱাই নিয়াৰ পাচত কৃষকে এতিয়া বৰো খেতিৰেই এতিয়া জীৱনৰ বছৰৰ ভাত মুঠি মোকলাবলৈ দিহা কৰিছে ৷ জলসিঞ্চন ব্যৱস্থাৰে পথাৰ বোকাময় কৰি কৃষক ব্যস্ত হৈ পৰিছে কঠিয়া সিঁচাত ৷ বানে ধোৱা অঞ্চল সমূহত বৰো ধান কৰিলে কিছু পৰিমাণে লাভান্বিত হয় কৃষক ৷ কিয়নো বান অহাৰ পূৰ্বেই চপাব পাৰে এই খেতি ৷
![Bodo rice farming starts in No bill gaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9772841_hhghf.jpg)
মৰাণৰ সমীপৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা পানীদিহিং মৌজাৰ বানেধোৱা এখন গাঁও হ'ল ন-বিল । এই গাঁওখনৰ তিনি উদ্যোগী যুৱক ক্ৰমে নিতুল গগৈ, বিনোদ কোঁৱৰ আৰু অজিৎ বকলৰ উদ্যোগত আৰু নিতাইপুখুৰী কৃষি চক্ৰৰ সহযোগত প্ৰায় ৫০ বিঘা মাটিকালিত বৰো ধানৰ কঠিয়া ৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে নিতাইপুখুৰী কৃষি চক্ৰ বিষয়া গোলাপ শইকীয়াই । পৰাগ বুঢ়াগোঁহায়ে আঁত ধৰা অনুষ্ঠানত মহাৰাণী গাঁও পঞ্চায়তৰ সভানেত্ৰী বীণা সন্দিকৈ গগৈ, ৱাৰ্ড সদস্যা নিতুমণি বুঢ়াগোহাঁই, খেলুৱা কৃষি উন্নয়ন বিষয়া সোণমনি শইকীয়া, নিতাইপুখুৰী কৃষি চক্ৰৰ (ভাগ্যপুৰ) ক্ষেত্ৰ সহায়ক নিপন ফুকন, শিৱসাগৰ জিলা কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত গুদাম ৰক্ষক হৰেশ দাস, কৃষক তৰুণ বৰুৱাকে ধৰি অঞ্চলটোৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে ।
![Bodo rice farming starts in No bill gaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9772841_frrr.jpg)
উল্লেখ্য যে, শিৱসাগৰ জিলাৰ কৃষি বিভাগে ২৯৪১ এন.পি.এইচ নামৰ উন্নত মানৰ বড়ো ধানৰ কঠিয়া যোগান ধৰিছে । কৃষি বিষয়া গোলাপ শইকীয়াই কয় যে, প্ৰতিবিঘা মাটিকালিত প্ৰায় ৪০ মোনৰ অধিক ধান উৎপাদন হ'ব ।
লগতে পঢ়ক : আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা