ETV Bharat / state

ডিব্ৰুগড়ৰ বুঢ়ীদিহিঙত গ্ৰন্থ বিপ্লৱ

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিঙত অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱৰ সফল সামৰণি ৷ গ্ৰন্থ অনুৰাগীৰ ব্যাপক সঁহাৰিত অনুপ্ৰাণিত বিক্ৰেতা আৰু আয়োজক সমিতি ৷

author img

By

Published : Oct 4, 2019, 9:35 AM IST

বুঢ়ীদিহিঙৰ গ্ৰন্থ মেলালৈ ৰাইজৰ ব্যাপক সহাঁৰি

ডিব্ৰুগড় , 4 অক্টোবৰঃ 30 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় জিলাৰ বুঢ়ীদিহিঙত অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱৰ সফল সামৰণি পৰে বৃহস্পতিবাৰে ৷ প্ৰতিকূল বতৰকো নেওচি প্ৰথম দিনাৰ পৰাই বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গ্ৰন্থ অনুৰাগীৰ সঁহাৰি দেখিবলৈ পোৱা গ'ল বুঢ়ীদিহিং গ্ৰন্থ উৎসৱত ৷

গ্ৰন্থ উৎসৱৰ প্ৰথম দিনটোত সভাপতি নিৰ্মল কাকতিয়ে উৎসৱৰ পতাকা উত্তোলন কৰাৰ পাছতে শিলপুটা ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নীলমনি গগৈয়ে গ্ৰন্থদ্বাৰ মুকলি কৰাৰ পাছতে উৎসৱমূখৰ হৈ পৰে গ্ৰন্থ মেলাৰ বাকৰি । গ্ৰন্থ মেলাৰ বাকৰিতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন,কবিতা আবৃত্তিকে ধৰি বহুকেইটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড়, মৰাণ , মাজুলী আদিৰ পৰা অহা বহুকেইখন আগশাৰীৰ গ্ৰন্থ বিপনীৰ পৰা তিনিটা দিনত যথেষ্ট পৰিমাণে ৰাইজে গ্ৰন্থ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে গ্ৰন্থ বিক্ৰেতাসকলে । বিক্ৰেতাসকলে লগতে জনাই যে, এইবাৰ গ্ৰন্থমেলাত শিশু গ্ৰন্থ বেছিকৈ বিক্ৰী হৈছে ৷

গ্ৰন্থ উৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা কবি সন্মিলনত বহুকেইজন উদীয়মান কবিয়ে অংশগ্ৰহণ কৰি কবিতাৰে গ্ৰন্থ উৎসৱৰ বাকৰি জীপাল কৰি তোলে । ২ অক্টোবৰ অৰ্থাৎ গ্ৰন্থ উৎসৱৰ শেষৰ দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ স্থান প্ৰাপ্ত সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰাৰ লগতে অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডঃ স্বপন চুতীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক জিতু ৰঞ্জন চেতিয়া, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰ, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি অংকিত গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী কুশল কোঁৱৰকে ধৰি বহু কেইজন বিশিষ্ট শিক্ষাবিদ আৰু সমাজকৰ্মী । গ্ৰাম্য অঞ্চলটোত গ্ৰন্থ পঢ়াৰ পৰিবেশ গঢ়িবলৈ যি চেষ্টা কৰা হৈছে তাৰ শলাগ লয় মুকলি সভাত উপস্থিত বিশিষ্ট অতিথিসকলে । লগতে ডঃ স্বপন চেতিয়াই কয় যে, দৈনন্দিন কৈ থকা শব্দসমূহৰ ভিতৰত আটাইতকৈ মহৎ শব্দটো হৈছে কিতাপ । এনেধৰণৰ গ্ৰন্থমেলাই সমাজত গ্ৰন্থ অধ্যয়নৰ এটা পৰিবেশ সৃষ্টি কৰাত সহায় কৰিব ৷ মুকলি সভাত মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা ভোৰতাল নৃত্যই সকলোকে আপ্লুত কৰে ৷

লগতে পঢ়কঃ কদৰ্য্য চহৰৰ তালিকা দেশৰ ভিতৰত শীৰ্ষত ডিব্ৰুগড়

Intro:
পুথি হৈছে জ্ঞানৰ ভঁৰাল স্বৰূপ৷ মানুহৰ জ্ঞান আৰু বুদ্ধি বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ ভঁৰাল স্বৰূপ একোখন গ্ৰন্থ । গ্রন্থমেলাৰ জৰিয়তে গ্রন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰাৰ মানসেৰে এক বৌদ্ধিক আন্দোলনৰ বাট প্রশস্ত কৰাৰ প্রয়াসেৰে ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী চেচুঘাট গাঁওত অনুষ্ঠিত হয় বুঢ়ীদিহিং গ্রন্থ উৎসৱ । ৩ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰলৈ অনুষ্ঠিত হোৱা বুঢ়ীদিহিং গ্ৰন্থ উৎসৱত ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা যায় । প্ৰতিকূল বতৰকো নেউচি প্ৰথম দিনাৰ পৰাই বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ, লগতে গ্ৰন্থ অনুৰাগীয়ে প্ৰয়োজনীয় গ্ৰন্থ খন বিচাৰি গ্ৰন্থ উৎসৱৰ বাকৰিত ভিৰ কৰা পৰিলক্ষিত হয় । গ্ৰন্থ উৎসৱৰ সভাপতি নিৰ্মল কাকতিয়ে উৎসৱৰ পতাকা উত্তোলন কৰাৰ পাছতে শিলপুটা ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নীলমনি গগৈয়ে গ্ৰন্থদ্বাৰ মুকলি কৰাৰ পাছতে উৎসৱমূখৰ হৈ পৰে গ্ৰন্থ মেলাৰ বাকৰি । গ্ৰন্থ মেলাৰ বাকৰিতে অনুষ্ঠিত কৰা ছাত্র-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন,কবিতা আবৃত্তিকে ধৰি বহু কেইটা প্ৰতিযোগিতা । ডিব্ৰুগড়,মৰাণ ,মাজুলী আদিৰ পৰা অহা বহু কেইখন আগশাৰী গ্ৰন্থ বিপনীৰ পৰা তিনিটা দিনত যথেষ্ট পৰিমাণে ৰাইজে গ্ৰন্থ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে গ্ৰন্থ বিক্ৰেতা সকলে । বিশেষকৈ শিশুৰ প্ৰয়োজনীয় গ্ৰন্থ বেছি বিক্ৰী যোৱা বুলি জানিবলৈ পোৱা গৈছে । গ্ৰন্থ উৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা কবি সন্মিলনত বহু কেইজন উদীয়মান কবিয়ে অংশগ্ৰহণ কৰি কবিতাৰে গ্ৰন্থ উৎসৱৰ বাকৰি জীপাল কৰি তোলে । ২ অক্টোবৰ অৰ্থাৎ গ্ৰন্থ উৎসৱৰ শেষৰ দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ স্থান প্ৰাপ্ত সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰাৰ লগতে অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ড° স্বপন চুতীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক জিতু ৰঞ্জন চেতিয়া, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰ, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি অংকিত গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট ব্যৱসায়ী কুশল কোঁৱৰকে ধৰি বহু কেইজন বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী উপস্থিত থাকে । মুকলি সভাত বিশিষ্ট অতিথি সকলোৱে গ্ৰাম্য অঞ্চলটোত গ্ৰন্থ পঢ়াৰ পৰিবেশ গঢ়িবলৈ যি চেষ্টা তাক শলাগ লয় । লগতে ড° স্বপন চেতিয়াই কয় - আমি দৈনন্দিন কৈ থকা শব্দ সমূহ ভিতৰত আটাইতকৈ মহৎ শব্দটো হৈছে কিতাপ । গতিকে গ্ৰন্থ মেলাই নতুন প্ৰজন্মক এখন সুন্দৰ সমাজ গঢ় দিবলৈ অনুপ্ৰাণিত কৰিব । এই মুকলি সভাত মৰাণৰ বাল্য বিকাশ বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে প্ৰদৰ্শন কৰা ভূৰতাল নৃত্যই সকলোকে আপ্লুত কৰে ।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.